উৎসৱৰ বতৰত যাত্ৰীৰ ভাড়া নিৰীক্ষণ কৰিব ডিজিচিএ
নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) উৎসৱৰ বতৰত বিমান সেৱা আৰু যাত্ৰীৰ ভাড়া তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক বিমান ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত বিহি
Air Plane


নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) উৎসৱৰ বতৰত বিমান সেৱা আৰু যাত্ৰীৰ ভাড়া তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক বিমান ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে। ডিজিচিএই বিমান সংস্থাসমূহৰ সৈতে এই বিষয়টো লৈ উৎসৱৰ বতৰৰ বাবে বিমান সেৱা বৃদ্ধি কৰিবলৈ কয়। বিমান সংস্থাসমূহে অতিৰিক্ত বিমান সংযোজন কৰাৰ বাতৰি প্ৰকাশ কৰিছে।

ইণ্ডিগ’ই ৪২টা খণ্ডত প্ৰায় ৭৩০খন অতিৰিক্ত বিমান সেৱা চলাই আছে, এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে ২০টা খণ্ডত প্ৰায় ৪৮৬খন অতিৰিক্ত বিমান সেৱা চলাইছে, আৰু স্পাইচজেটে ৩৮টা খণ্ডত প্ৰায় ৫৪৬খন অতিৰিক্ত বিমান সেৱা চলাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande