গোৱালপাৰা সিধাবাৰী নয়া পাৰা ৰাইজৰ উদ্যোগত ৫৬ তম প্ৰাইমানি ফুটবল খেল খনৰ ব্যাপক প্ৰস্তুতি
গোৱালপাৰা, ০৫ অক্টোবৰ (হি.স.)। পূৱ গোৱালপাৰা জিলাৰ ক্ৰীড়া প্ৰেমিক ৰাইজলৈ সিধাবাৰী নয়া পাৰা ৰাইজে দিলে ভাল খবৰ। অইন বছৰৰ দৰে এইবেলি সিধাবাৰী নয়া পাৰা ৰাইজে উদ্যোগত ৫৬ তম প্ৰাইমানি ফুটবল খেল খনৰ ব্যাপক প্ৰস্তুতি। অহা ২৬ অক্টোবৰত সিধাবাৰী আঞ্চলিক ফুট
গোৱালপাৰা সিধাবাৰী নয়া পাৰা ৰাইজৰ উদ্যোগত ৫৬ তম প্ৰাইমানি ফুটবল খেল খনৰ ব্যাপক প্ৰস্তুতি


গোৱালপাৰা, ০৫ অক্টোবৰ (হি.স.)। পূৱ গোৱালপাৰা জিলাৰ ক্ৰীড়া প্ৰেমিক ৰাইজলৈ সিধাবাৰী নয়া পাৰা ৰাইজে দিলে ভাল খবৰ। অইন বছৰৰ দৰে এইবেলি সিধাবাৰী নয়া পাৰা ৰাইজে উদ্যোগত ৫৬ তম প্ৰাইমানি ফুটবল খেল খনৰ ব্যাপক প্ৰস্তুতি। অহা ২৬ অক্টোবৰত সিধাবাৰী আঞ্চলিক ফুটবল খেল পথাৰত হ'ব লগিয়া ফুটবল খেল । অসমীয়াৰ হিয়াৰ আমঠু হাট থ্ৰৱ জুবিন গাৰ্গ স্মৃতি সোঁৱৰণী অনুষ্ঠিত কৰা হৱ।

খেল পৰিচালনা কমিটিৰ সভাপতি নাছিৰ আলী আহমেদ আৰু সম্পাদক আজিবৰ ৰহমান। নয়া পাৰা বিশিষ্ট সমাজ কৰ্মী বা পৰিচালনা কমিটি উপদেষ্টা মোস্তফা সাহাবুদ্দিন আহমেদ । মহিবুল হক। এই বেলি ফুটবল খেল প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ হৈছে ৩৫১০১টকা । দ্বিতীয় পুৰস্কাৰ হৈছে ২৫১০১টকা আৰু ভৰ্তি মাছুল হৈছে ৫০১টকা । অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা ফুটবল দ'ল সমুহ আহি অংশ গ্ৰহণ কৰিব । সেয়ে ক্ৰীড়া প্ৰেমিকৰ উপস্থিতিত থকাৰ লগতে সহায় সহযোগিতা কামনা কৰিছে আয়োজন কমিটিয়ে।কোনো ইচ্ছুক দলে আগতীয়াকৈ ভাবে এই খেল খনৰ সবিশেষ জানিব বিচাৰে তেতিয়া উল্লেখিত নম্বৰত যোগাযোগ কৰিব পাৰে। নম্বৰ হ'ল ৭০০২৩ ৬৬৭০৩।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande