নগাঁও, ০৫ অক্টোবৰ (হি.স.)। নগাঁও জিলাৰ ৰহাৰ মণিপুৰটুপত কলং নদীত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ । মৃতদেহটো কলঙত উপঙি থকা দেখি ৰহা আৰক্ষীক খৱৰ দিয়ে স্থানীয় ৰাইজে।
পৰৱৰ্তী সময়ত পানীৰ পৰা উঠাই অনা হয় মৃতদেহটো। মৃতদেহটো খলিহামাৰীৰ নয়নজ্যোতি নাথ (চুনা, ৪৫)নামৰ লোকজনৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে। ইতিমধ্যে ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, যোৱা শুক্ৰবাৰে ৰহাৰ এখন দলঙৰ পৰা কলং নদীত মৰণ জাপ দিছিল নয়নজ্যোতি নাথে। ইফালে দলঙৰ ওপৰত উদ্ধাৰ কৰা হৈছে লোকজনৰ বেগ, হেলমেট আৰু চেন্দেল ৷ জানিব পৰামতে, লোকজনে পৰিয়ালসহ ৰহাৰ এটা ভাড়া ঘৰত থাকি তামোল-পাণৰ দোকান দি আছিল ৷ অৱশ্য়ে কি কাৰণে লোকজনে এনেদৰে কলঙত মৰণ জাঁপ দিলে সেই কথা জানিব পৰা হোৱা নাই ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা