কোকৰাঝাৰ, ০৫ অক্টোবৰ (হি.স.)। বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিবলৈ ওলাইছে হাগ্ৰামা মহিলাৰীয়ে। পাঁচ বছৰৰ পিছত শাসনৰ গাদীলৈ উভতি আহিছে হাগ্ৰামা। আজি হাগ্ৰামা মহিলাৰীৰ শপতগ্ৰহণ অনুষ্ঠানত যোগদান কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ উপৰি চুবুৰীয়া দেশ নেপালৰ পৰাও আহিছে প্ৰতিনিধিৰ দল। নেপালৰ পৰা নেপাল মেচে সমাজ ছিবিয়াৰী আফাদ ৰ সাধাৰণ সম্পাদক কালু মেচেৰ নেতৃত্বত এটা বড়ো জনগোষ্ঠীয় প্ৰতিনিধি দল কোকৰাঝাৰ চহৰত আহি উপস্থিত হৈছে ।
প্ৰণিধানযোগ্য যে, ২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। প্ৰবল প্ৰত্যাহ্বান জনোৱাৰ পাচতো বিপিএফক ৰুধিবলৈ সক্ষম নহ'ল বিজেপি আৰু ইউপিপিএলে। এইবাৰ বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা