চিৰাং, ০৫ অক্টোবৰ (হি.স.)। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী লক্ষ্মী পূজা আৰু মেলা কাইলৈ সোমবাৰৰ পৰা ১৯ অক্টোবৰলৈ ১৪ দিনীয়াকৈ অনুষ্ঠিত হ'ব । বিজনী লক্ষ্মী পূজা কমিটিয়ে আজি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে এই কথা।
আজি বিজনী লক্ষ্মী পূজা কমিটিৰ স্বৰ্গীয় উদয় চন্দ্ৰ দাস সোঁৱৰণি মুকলি মঞ্চত আয়োজন কৰা সংবাদমেলত সভাপতি ধনঞ্জয় ৰায় আৰু কাৰ্যকৰী সভাপতি ভৱেন চন্দ্ৰ বৰ্মনে জানিব দিয়া অনুসৰি পূজা আৰু মেলাত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে চাৰিখন প্ৰৱেশদ্বাৰ ব্যৱহাৰ কৰাৰ লগতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু ১২০ গৰাকী স্বেচ্ছাসেৱক নিয়োজিত কৰা হ'ব।
মেলাত থিয়েটাৰ, চাৰ্কাছ, মিনা বাজাৰ, গ্ৰন্থ মেলা, বাণিজ্য মেলা, প্ৰদৰ্শনী, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন বিপনী থাকিব। উল্লেখ্য় যে কিছুদিন আগতে বিজনীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজনীৰ ঐতিহাসিক লক্ষ্মী পূজা আৰু মেলাখন নিশা ১ বজালৈ অনুমতি দিবলৈ জিলা প্ৰশাসনক ৰাজহুৱাকৈ ফোনযোগে জনোৱাৰ পৰিপ্ৰেক্ষিতত এইবেলি নিশা বাৰ বজালৈ মেলা চলি থাকিব বুলি পূজা কমিটিৰ সময় নিৰ্দ্ধাৰণ কৰিছে।
ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া এই পূজা আৰু মেলাখন কাইলৈ বিটিচিৰ নৱ নিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰিব। উল্লেখ্য যে কোচ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনীৰ এই লক্ষ্মী পূজা আৰু মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনেই লাখ লাখ ভক্তৰ সমাগম হয়।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু