বালিসত্ৰৰ ২৪ সংখ্যক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত ধুহি এফ চি চূড়ান্ত বিজয়ী
কামৰূপ, ০৫ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ বালিসত্ৰত চলি থকা ২৪ সংখ্যাক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন শনিবাৰে নিশা অনুষ্ঠিত হয় । হৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত হয় ফাইনেল খেলখন। চুড়ান্ত খেল খন উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। চুড়া
বালিসত্ৰৰ ২৪ সংখ্যক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত ধুহি এফ চি চূড়ান্ত বিজয়ী


কামৰূপ, ০৫ অক্টোবৰ (হি.স.)। ৰঙিয়াৰ বালিসত্ৰত চলি থকা ২৪ সংখ্যাক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন শনিবাৰে নিশা অনুষ্ঠিত হয় । হৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত হয় ফাইনেল খেলখন। চুড়ান্ত খেল খন উদ্বোধন কৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। চুড়ান্ত খেলখন অসম কামাণ্ডো বেটেলিয়ান মান্দাকাটা আৰু ধুহি এফ চি মাজৰ অনুষ্ঠিত হয়। বালিসত্ৰৰ ২৪ সংখ্যক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত ধুহি এফ চি চূড়ান্ত বিজয়ী হয়।

উল্লেখ্য় যে অসম কামাণ্ডো বেটেলিয়ান মান্দাকাটা বনাম ধুহি এফ চি মাজৰ চূড়ান্ত খেলখন নিৰ্ধাৰিত সময়ত প্ৰথমে ২-২ গলৰ ব্যৱধানত অমীমাংসিত হৈ ৰয়। ইয়াৰ পিছত খেল খন পেনাল্টী বলৰ সহায় লোৱা হয়। পেনাল্টীত ৫ - ৪ গলত ধুহি এফ চি চেম্পিয়নছ ট্ৰফী দখল কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande