বিপিএফ প্রধান হাগ্ৰামা মহিলাৰীক শুভেচ্ছা আৰু অভিনন্দন ৰাজ্যিক বিজেপিৰ
–দুয়োখন বড়ো চুক্তিয়েই বিজেপি চৰকাৰে সম্পাদনা কৰি বড়ো জনজাতিৰ দাবীআৰু প্রাপ্যক উচিত মৰ্য্যদা প্ৰদান কৰিছে গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। আজি কোকৰাব্বাৰৰ বড়োফা নগৰত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ পঞ্চমসংখ্যক পৰিষদে শপত গ্রহণ কৰে। উক্ত অনুষ্ঠানত বিপিএ
বিজেপিৰ দলীয় পতাকা


–দুয়োখন বড়ো চুক্তিয়েই বিজেপি চৰকাৰে সম্পাদনা কৰি বড়ো জনজাতিৰ দাবীআৰু প্রাপ্যক উচিত মৰ্য্যদা প্ৰদান কৰিছে

গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। আজি কোকৰাব্বাৰৰ বড়োফা নগৰত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ পঞ্চমসংখ্যক পৰিষদে শপত গ্রহণ কৰে। উক্ত অনুষ্ঠানত বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুখ্য কাৰ্যবাহীবিষয়া হিচাপে মুঠ ৮ গৰাকী সদস্যৰ সৈতে শপত গ্ৰহণ কৰে। অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় অটলবিহাৰী বাজপেয়ী ভৱনৰ পৰা প্রেৰণ কৰা এক প্ৰেছ বিবৃতি যোগে বিজেপিৰ মুখপাত্ৰ প্রাঞ্জল কলিতাই বিজেপিদলৰ তৰফৰ পৰা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

উক্ত শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বৰ কাৰ্যবাহীসদস্যৰ দলটোলৈ অভিনন্দন জনাই। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এক উজ্জীৱিত বড়োলেণ্ডৰ সপোন পূৰণৰবাটেৰে নৱ নিৰ্বাচিত পাৰিষদসকলে উৎসাহেৰে জনসাধাৰণৰ সেৱা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। ভাষণ প্রসঙ্গত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ নতুন বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদক সম্পূৰ্ণভাৱে সমৰ্থন আগবঢ়াব বুলিও উল্লেখ কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিটিচি প্রধান হাগ্ৰামা মহিলাৰীক অভিনন্দন জনাই আৰু বিপিএফ প্ৰধানগৰাকীৰ নেতৃত্বতবিটিচিত শান্তি, সমন্বয় আৰু উন্নয়নৰ গতি ত্ৰাম্বিত হ’ব বুলি আশা আৰু বিশ্বাস ব্যক্ত কৰে।

উল্লেখযোগ্য যে, বড়ো জনজাতিৰ দীৰ্ঘদিনীয়া দাবী আৰু আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত কেন্দ্ৰৰবিজেপি চৰকাৰৰ প্রধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত বিটিচি চুক্তি পাবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ সমতল অঞ্চলৰ একমাত্ৰ ষষ্ঠ অনুসূচি অধ্যুষিত বিটিচিৰ সাৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সদায় সহযোগিতা আগবঢ়াই আহিছে। ভাৰতবৰ্ষৰ আঞ্চলিক শক্তিসমূহক লগত লৈ ৰাষ্ট্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয়চৰকাৰৰ লগতে অসমতো বিজেপি চৰকাৰে বিটিচি অঞ্চলক উন্নয়নৰ দিশলৈ আগবঢ়াই নিছে। যি সময়ত বিটিচিঅঞ্চল অসমৰ পৰা আঁতৰি পৃথক ৰাজ্যৰ দাবীৰে অসমৰ আকাশ বতাহ কঁপাই তুলিছিল সেই সময়ত কেন্দ্ৰৰবিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত নিখিল বড়ো ছাত্ৰ সন্থা, বিভিন্ন বিদ্ৰোহী সংগঠন আৰুঅসমৰ বিজেপি চৰকাৰৰ মাজত ২০২০ চনত বিটিআৰ চুক্তি সম্পাদন হৈছিল।

দুয়োখন বড়ো চুক্তিয়েই বিজেপিচৰকাৰে সম্পাদনা কৰি বড়ো জনজাতিৰ দাবী আৰু প্রাপ্যক উচিত মৰ্য্যদা প্রদান কৰিছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে বড়ো আন্দোলনৰ লগত জড়িত শ্বহীদ সকলকমান্যতা প্রদান কৰিছে আৰু তেখেতসকলৰ নিকত আত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্রদান কৰিছে। বিটিআৰ চুক্তি সম্পাদনাৰ পিছত দ্বিতীয় সংখ্যক কাৰ্যকালৰ বাবে বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মুখ্যকাৰ্যবাহী বিষয়া হিচাপে শপত গ্ৰহণ কৰিছে।

বিটিআৰ অঞ্চলৰ ২৬ টা জাতি-জনগোষ্ঠীৰ উন্নয়ন তথা আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ তথা বিজেপি দলে সৰ্বতো প্রকাৰৰ সহায় সহযোগিতাআগবঢ়াব বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande