জুৰীয়াৰ উদমাৰী বালুগুটিয়া দলংঙৰ তলত নৱজাতক উদ্ধাৰ
নগাঁও, ০৫ অক্টোবৰ (হি.স.)। জুৰীয়াৰ উদমাৰী বালুগুটিয়া দলঙৰ তলত নবজাতক উদ্ধাৰ।আজি পুৱা স্থানীয় ৰাইজে দলঙৰ তলত নৱজাতকৰ মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱা দুৱা লগাই। নিশা কোনোবাই মোনাত ভৰাই দলঙৰ তলত পেলাই থৈ যায় মৃতদেহটো। ্স্থানীয় লোকে নৱজাতকৰ মৃতদেহটো
জুৰীয়াৰ উদমাৰী বালুগুটিয়া দলংঙৰ তলত নৱজাতক উদ্ধাৰ


নগাঁও, ০৫ অক্টোবৰ (হি.স.)। জুৰীয়াৰ উদমাৰী বালুগুটিয়া দলঙৰ তলত নবজাতক উদ্ধাৰ।আজি পুৱা স্থানীয় ৰাইজে দলঙৰ তলত নৱজাতকৰ মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱা দুৱা লগাই। নিশা কোনোবাই মোনাত ভৰাই দলঙৰ তলত পেলাই থৈ যায় মৃতদেহটো। ্স্থানীয় লোকে নৱজাতকৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।ইফালে কোনে এনেদৰে এটা নৱজাতকৰ মৃতদেহ এনেদৰে পেলায় থৈ গল সেই সন্দৰ্ভতো অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনোৱে নিজৰ পাপ ঢাকিবলৈ এনেদৰে নৱজাতকটোক দলঙৰ তলত পেলাই থৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অইনটো বাদেই নিজৰ জন্মদাত্ৰি মাতৃয়ে কিদৰে শিশুটিক তেনেদৰে পেলাই থৈ যাবলৈ দিলে আৰু সতকাৰ কৰাৰ পৰিৱৰ্তে অনাদৰ কৰি তাত পেলাই থৈ গল তাক লৈও সৰ্বত্ৰ ধিক্কাৰ দিছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande