জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাত আক্ষেপ নেত্ৰকাই খ্যাত প্ৰবীণ অভিনেতা অৰুণ হাজৰিকাৰ
গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু, জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ এপষেক উকলিছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি নিতৌ শ্ৰদ্ধাঞ্জলিহে জনাই থকা হৈছে ৷ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আজিও উদঘাটন হোৱা নাই ৷ তেওঁ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন
জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন নোহোৱাত আক্ষেপ নেত্ৰকাই খ্যাত প্ৰবীণ অভিনেতা অৰুণ হাজৰিকাৰ


গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। হিয়াৰ আমঠু, জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ এপষেক উকলিছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি নিতৌ শ্ৰদ্ধাঞ্জলিহে জনাই থকা হৈছে ৷ কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আজিও উদঘাটন হোৱা নাই ৷ তেওঁ মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন হ'ব লাগে ৷ সেই লৈ আক্ষেপ কৰিছে নেত্ৰকাই খ্যাত প্ৰবীণ অভিনেতা অৰুণ হাজৰিকাই ৷

প্ৰবীণ অভিনেতা অৰুণ হাজৰিকাই কয় যে জুবিন গাৰ্গে জীৱিত কালত কৈ থকা কথাসমূহ তেওঁৰ মৃত্যুৰ পিছতো প্ৰমাণ কৰি দিলে ৷ প্ৰাণৰ শিল্পীগৰাকীয়ে যি বিচাৰিছিল সেইয়া আমি মৃত্যুৰ পিছত সকলোৱে প্ৰত্যক্ষ কৰিলোঁ ৷ যিটো আমি আৰু ভৱিষ্যতে দেখা নাপাম ৷ দেওবাৰে বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিৰ উদ্যোগত বিভিন্ন জাতীয় দল-সংগঠন আৰু বোকাখাতবাসী ৰাইজৰ সহযোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে অভিনেতা অৰুণ হাজৰিকাই৷ পুৱা প্ৰিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলিৰ পিছতে সৰ্মধৰ্ম প্ৰাৰ্থনা সভা, নাম-প্ৰসঙ্গ, প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি চাৰণ অনুষ্ঠান অনুষ্ঠিত হয়৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande