নেপালঃ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনত আবদ্ধ ১৮ জন লোকৰ মৃতদেহ উদ্ধাৰ
কাঠমাণ্ডু, ০৫ অক্টোবৰ (হি.স.)। নেপালৰ পূব অঞ্চলৰ এখন জিলাত শনিবাৰে নিশা সংঘটিত হোৱা ভূমিস্খলনত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। মুখ্য জিলা বিষয়া সুনীতা নেপালৰ মতে, ইলাম পৌৰসভা আৰু মাইজোগমাইকে ধৰি বিভিন্ন স্থানত দুটা ঘৰ ভূমিস্খলনত পোত যায়।
भूस्खलन के कारण मारे गए लोगों का शव बरामद किया जा रहा है


কাঠমাণ্ডু, ০৫ অক্টোবৰ (হি.স.)। নেপালৰ পূব অঞ্চলৰ এখন জিলাত শনিবাৰে নিশা সংঘটিত হোৱা ভূমিস্খলনত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে।

মুখ্য জিলা বিষয়া সুনীতা নেপালৰ মতে, ইলাম পৌৰসভা আৰু মাইজোগমাইকে ধৰি বিভিন্ন স্থানত দুটা ঘৰ ভূমিস্খলনত পোত যায়। বৰ্তমান নিৰুদ্দেশ আৰু আহতসকলৰ সন্ধান অভিযান অব্যাহত আছে।

দেওবাৰে পুৱা উদ্ধাৰ অভিযান আৰম্ভ হয় যদিও প্ৰত্যাহ্বানমূলক ভূখণ্ড আৰু ধাৰাবাহিক বৰষুণে প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে। মাংছেবুঙত উদ্ধাৰ অভিযানত সহায়ৰ বাবে ইটাহাৰীৰ পৰা এখন হেলিকপ্টাৰ অনুৰোধ কৰা হৈছে যদিও প্ৰবল বৰষুণৰ ফলত হেলিকপ্টাৰ উৰণ অত্যন্ত কঠিন হৈ পৰিছে।

আৰক্ষীয়ে নিশ্চিত কৰিছে যে ইলামত এটা ঘৰতে ৫জন লোকৰ মৃত্যু হৈছে। চন্দকপুৰৰ চাংগাইত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

মাইজোগমাই পৌৰসভাৰ পিয়াঙত একেটা ঘৰৰ ৫জন লোক নিহত হোৱাৰ বিপৰীতে সদকপুৰৰ চুল্লুবুঙত এটা ঘৰ উটুৱাই নিয়াৰ ফলত এগৰাকী কিশোৰী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

মাংছেবুঙত এগৰাকী গৰ্ভৱতী মহিলা আৰু এজন পুৰুষ গুৰুতৰভাৱে আহত। ফাকফোকথুমৰ আন এক ঘটনাত আমচোকৰ ৰাটমেটত হোৱা ভূমিস্খলনৰ সময়ত ধ্বংসাৱশেষৰ তলত পোত যোৱা এজন লোকৰ মৃত্যু হয়।

বিষয়াসকলে জনোৱা মতে, উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে অধিক তথ্য সংগ্ৰহ কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande