গুৱাহাটী, ০৫ অক্টোবৰ (হি.স.)। গুৱাহাটী তথা ইয়াৰ উপকণ্ঠ অঞ্চল যোৰাবাটত দেওবাৰে বিয়লি মাত্ৰ এঘন্টাৰ বৃষ্টিপাততে যোৰাবাট আৰু ইয়াৰ আশে-পাশে থকা ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত হাজাৰ হাজাৰ বাহন ঘাইপথতে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে।
দেওবাৰে বিয়লি প্ৰায় ২:০০ বজাত এঘণ্টা ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ পিছত যোৰাবাট তিনিআলিত উৰণীয়া সেতুৰ তলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পানী জমা হোৱাৰ ফলত ২৭ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। যোৰাবাটৰ উপৰিও দহ মাইল, এঘাৰ মাইল, আৰু নমাইলত ২৭ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথতো পানী জমা হোৱাৰ ফলত যাতায়ত কৰা লোকসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।
জানিব পৰা অনুসৰি ২৭ আৰু ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দীঘলীয়া যান-জঁটত হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ আছে। ইয়াত এনে পৰিস্থিতি প্ৰথম নহয়। যেতিয়াই বৰষুণ হয় তেতিয়াই ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হয়। ২০১৬ চনত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পৰাই এই অঞ্চলটো এই সমস্যাৰ সন্মুখীন হৈ আহিছে।
স্থানীয় ৰাইজৰ মতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নলা সঠিকভাৱে নিৰ্মাণ নকৰাৰ ফলত প্ৰতিবাৰেই বৰষুণৰ ধুমুহাৰ পিছত পানী জমা হৈ পৰে। ইফালে চুবুৰীয়া ৰাজ্য মেঘালয়ত অবৈধভাৱে পাহাৰ কটাৰ ফলত বৰষুণৰ পানীৰ লগতে পাহাৰৰ ঢালৰ পৰা ৰঙা মাটি বৈ যোৱাৰ ফলত নলাৰ সোঁত বন্ধ হৈ পৰিছে।
পানী জমা হোৱাৰ বাবে বছৰি স্থানীয় ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হয়। দোকানত পানী সোমোৱাৰ বাবে স্থানীয় দোকানীসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। স্থানীয় বাসিন্দাসকলে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক এই সমস্যা অতি সোনকালে সমাধান কৰিবলৈ দাবী জনাই আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই এতিয়াও কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত এই পথত যাত্ৰা কৰা চালক, যাত্ৰী, দোকানীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী