নুমলীগড়ৰ গাহৰিৰ গাত দেখা দিছে আফ্ৰিকান ছোৱাইন-ফ্লু
গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। গোলাঘাট জিলাৰ নুমলীগড়ত পোহনীয়া গাহৰিৰ গাত দেখা দিছে আফ্ৰিকান ছোৱাইন-ফ্লু ৰোগ। ইয়াৰ ফলত নুমলীগড়ত এতিয়া গাহৰি পালকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মৰঙিৰ হাবিগাঁৱৰ বলীন শইকীয়া নামৰ লোকজনে গাহৰি ফাৰ্ম কৰি স্বাৱলম্বনৰ প
নুমলীগড়ৰ গাহৰিৰ গাত দেখা দিছে আফ্ৰিকান ছোৱাইন-ফ্লু


গোলাঘাট, ০৫ অক্টোবৰ (হি.স.)। গোলাঘাট জিলাৰ নুমলীগড়ত পোহনীয়া গাহৰিৰ গাত দেখা দিছে আফ্ৰিকান ছোৱাইন-ফ্লু ৰোগ। ইয়াৰ ফলত নুমলীগড়ত এতিয়া গাহৰি পালকৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। মৰঙিৰ হাবিগাঁৱৰ বলীন শইকীয়া নামৰ লোকজনে গাহৰি ফাৰ্ম কৰি স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰি আহিছিল। কিন্তু হঠাতে ভয়াৱহ ছোৱাইন-ফ্লুত আক্ৰান্ত হৈ ফাৰ্মখন নিঃশেষ হৈ যায়।

সম্প্ৰতি ছোৱাইন-ফ্লুৱে সমগ্ৰ মৰঙি অঞ্চলত বিয়পিবলৈ ধৰিছে। ইতিমধ্যে নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাহৰি ফাৰ্মত ছোৱাইন ফ্লুৰ আতংকই বিৰাজ কৰিছে। আনহাতে নুমলীগড়ত পোহনীয়া গাহৰিৰ গাত দেখা দিয়া আফ্ৰিকান ছোৱাইন-ফ্লু ৰোগৰ পিছতেই প্ৰশাসনো সক্ৰিয় হৈ পৰিছে। ইতিমধ্যে আক্ৰান্ত এলেকসমূহ চিনাক্ত কৰি এই ৰোগৰ পৰা কেনেদৰে উপশম পাব পাৰি সেই দিশত তৎপৰতা আৰম্ভ কৰিছে। লগতে প্ৰয়োজন হ’লে আক্ৰান্ত গাহৰিসমূহ নিধন কৰাৰো ব্য়ৱস্থা কৰিছে প্ৰশাসনে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande