মানিকাচৰ, ০৫ অক্টোবৰ (হি.স.)। অসম কিষাণ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতিৰ উদান্ত কণ্ঠ ভাষণত বৰষুণৰ মাজতো ৰাইজে শুনি থাকিলে ভাষণ ।মানকাচৰ সমষ্টিৰ অন্তৰ্গত হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অসম কিষাণ কংগ্ৰেছ কমিটীৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। আজিৰ এই জনসভাত উক্ত কমিটীৰ কাৰ্যকৰী সভাপতি আব্দুল ছালাম শ্বাহৰ উদান্ত কণ্ঠ ভাষণত ৰাইজ মুগ্ধ হয় আৰু তেখেতক পূৰ্ণ সমৰ্থন জনায়।
অঞ্চলটোৰ ৰাইজৰ উপস্থিতি দেখি শ্বাহে উৎফুল্লিত হয় আৰু ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰে। তেও কয় যে অগপ আৰু বিজেপি দলক এই অঞ্চলৰ ৰাইজে ভোট নিদিয়ে আৰু এআইইউডিএফ দলক ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে। ইপিনে কংগ্ৰেছ দলৰ পৰা টিকট বিচৰা তেখেতৰ প্ৰতিদ্বন্দ্বী মহিবুৰ ৰহমানৰ পত্নীয়ে এইবেলি জিলা পৰিষদৰ সদস্যা পদৰ পৰা পৰাজিত হৈছে। সেয়েহে মহিবুৰ ৰহমানে কংগ্ৰেছ দলৰ পৰা টিকট নাপায় বুলি ভাষণত উল্লেখ কৰে। একে পৰিয়ালৰ পৰা তেখেতৰ পত্নী পঞ্চায়তৰ সভানেত্ৰী আৰু পুত্ৰ কাউন্সিলৰ ৰূপে নিৰ্বাচিত হৈছে যিটো অসমৰ ভিতৰতে ইতিহাস ৰচিছে । সেয়েহে কংগ্ৰেছ দলৰ হাই কমাণ্ডে তেওক টিকট দিব বুলি আশাবাদী আৰু তেও কংগ্ৰেছ দলৰ পৰা টিকট পালে তেওৰ কোনো প্ৰতিদ্বন্দিতা নাথাকিব বুলি ভাষণত উল্লেখ কৰে। উল্লেখ্য যে সভাখন চলি থকাৰ সময়ত বৰষুণ আহে যদিও ৰাইজে শ্বাহৰ ভাষণত মগ্ন হৈ থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ