নগাঁৱ, ০৫ অক্টোবৰ (হি.স.)। নগাঁৱৰ কঢ়ালীগাঁৱ স্থিত অসম শংকৰ মিচনত আজি দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘ, পূৰ্বাঞ্চলিক শাখাৰ ব্যৱস্থাপনাত আৰু নগাঁও জিলাৰ উদ্যোগত অসম শংকৰ মিছন কঢ়ালী গাঁৱত অনুষ্ঠিত হয় গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ ভাগ।
নগাঁও জিলাৰ ১৯খনকৈ আঞ্চলিক শাখাৰ সহস্ৰাধিক ভক্তপ্ৰান ৰাইজ উপস্থিত থাকে। অসম শংকৰ মিছন কঢ়ালী গাঁৱত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত হৈছে ভাগৱত পাঠ,নাম প্ৰসংগ। শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে
গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাও প্ৰদৰ্শন কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু