পথৰ দুৰৱস্থাৰ বাবে কলৰ ভুৰেৰে কঢ়িয়ালে শৱ দেহ
বঙাইগাঁও, ০৪ অক্টোবৰ (হি.স.)। বঙাইগাঁও জিলাৰ ব‌ইটামাৰী ৰাজহ চক্ৰৰ তালগুৰী গাওঁত বাট পথৰ দুৰৱস্থা। টুনীয়া নৈৰ গঢ়া খহনীয়াই তালগুৰী শ্মশানত যোৱা পথটো একেবাৰে উটুৱাই নিয়াৰ ফলত এইদৰে কলৰ ভুৰৰে গাওঁৰ এগৰাকীৰ শৱ দেহটো শ্মশানলৈ লৈ যাব লগীয়াত পৰিছে পৰিয়
পথৰ দুৰৱস্থাৰ বাবে কলৰ ভুৰেৰে কঢ়িয়ালে শৱ দেহ


বঙাইগাঁও, ০৪ অক্টোবৰ (হি.স.)। বঙাইগাঁও জিলাৰ ব‌ইটামাৰী ৰাজহ চক্ৰৰ তালগুৰী গাওঁত বাট পথৰ দুৰৱস্থা। টুনীয়া নৈৰ গঢ়া খহনীয়াই তালগুৰী শ্মশানত যোৱা পথটো একেবাৰে উটুৱাই নিয়াৰ ফলত এইদৰে কলৰ ভুৰৰে গাওঁৰ এগৰাকীৰ শৱ দেহটো শ্মশানলৈ লৈ যাব লগীয়াত পৰিছে পৰিয়ালৰ লোক তথা গাৱবাসীয়ে।

দীৰ্ঘদিন ধৰি গাওঁ বাসীয়ে শ্মশানলৈ যোৱা পথটো মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক দাবী জনাই অহাৰ পিছতো আজিলৈকে পথটোৰ সুচলৰ ব্যবস্থা নকৰাৰ ফলশ্ৰুতিত এইদৰে জীয়াতু ভুগিব লগিয়া হৈছে গাওঁবাসী তথা সৰ্বসাধাৰণৰ ৰাইজ ।

উল্লেখযোগ্য যে টুনীয়া নৈৰ বাঢ়নি পানীয়ে পথটো তিনি বছৰ পূৰ্বে পথটো ধ্বংস কৰি পেলাইছিল। ফলত কলৰ ভুৰত তুলিয়ে এনেদৰে মৃতদেহ কঢ়িয়াবলগীয়া হৈছে গাওঁবাসীয়ে। চৰকাৰ আহে চৰকাৰ যায় কিন্তু এনবোৰ ভিতৰুৱা অঞ্চলক আজিও যেন চৰকাৰৰ আচনি প্ৰকল্প আদিয়ে চুব পৰা নাই। যাৰ ফলত লাভ কৰিবলগীয়া সাধাৰণ সা সুবিধাৰ পৰাও যেন বঞ্চিত হৈছে সাধাৰণ লোকসকল।

ইতিমধ্যে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে উক্ত শ্মশানলৈ যোৱা পথটো মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande