নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। তামিলনাডুত কাহৰ ঔষধৰ পৰীক্ষামূলক নমুনাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ পোৱাৰ পিছত খাদ্য আৰু ঔষধ প্ৰশাসনে কোলড্ৰিক কাহ চিৰাপৰ উৎপাদন আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি তামিলনাডুৰ কাঞ্চিপুৰমত থকা শ্ৰেশন ফাৰ্মাৰ উৎপাদন ইউনিটৰ পৰা লোৱা কল্ড্ৰিক কাফ চিৰাপৰ নমুনাত নিৰ্ধাৰিত সীমাতকৈ অধিক ঘনত্বত ডাইইথাইলিন গ্লাইকল (ডি ই জি) পোৱা গৈছে। মধ্যপ্ৰদেশ চৰকাৰৰ অনুৰোধত এই তদন্ত কৰা হৈছিল।
এই প্ৰতিবেদনে মন্ত্ৰালয়ৰ উদ্বেগ প্ৰকাশ কৰিছে। বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে তদন্তৰ পৰিসৰ বৃদ্ধি কৰিছে। এতিয়া ছয়খন ৰাজ্যৰ ১৯টা ঔষধ নিৰ্মাণ ইউনিটত পৰিদৰ্শন আৰম্ভ কৰা হৈছে। পৰিদৰ্শন দলটোত আইচিএমআৰ, এনআইভি, নিৰী, চিডিএছচিঅ’, আৰু এইমছ নাগপুৰৰ বিশেষজ্ঞসকল আছে। দলটোৱে বিভিন্ন নমুনা আৰু মৃত্যুৰ কাৰণ পৰীক্ষা কৰি শিশুকেইটাৰ মৃত্যু ড্ৰাগছৰ লগত জড়িত নে অন্যান্য সংক্ৰমণ আৰু পৰিৱেশজনিত কাৰণত হোৱা বুলি নিৰ্ণয় কৰি আছে।
মধ্যপ্ৰদেশত কাহৰ চিৰাপৰ মানদণ্ডক লৈ উদ্বেগৰ মাজতে শুকুৰবাৰে মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে চিডিএছচিঅ’ই ছটা নমুনা সংগ্ৰহ কৰিছিল, যিবোৰ পৰীক্ষা কৰি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ (ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকল)মুক্ত বুলি ধৰা পৰিছিল। ইয়াৰ উপৰিও ইয়াৰ দলে সংগ্ৰহ কৰা ১৩টা নমুনাৰ ভিতৰত তিনিটা নমুনা বিশ্লেষণ কৰি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ পৰা মুক্ত হোৱা বুলিও প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত কাহৰ চিৰাপ সেৱন কৰি ১০টা শিশুৰ মৃত্যু হৈছে। ২৪ আগষ্টত প্ৰথমটো সন্দেহযুক্ত ৰোগী আৰু ৭ ছেপ্টেম্বৰত প্ৰথমজন মৃত্যু হয়। পৰৱৰ্তী সময়ত ১৫ দিনৰ ভিতৰত বৃক্ক বিকল হোৱাৰ বাবে এটা এটাকৈ ছটা শিশুৰ মৃত্যু হয়। একেদৰে ৰাজস্থানত কথিত কাহৰ চিৰাপ সেৱন কৰি দুটি শিশুৰ মৃত্যু হয়। সতৰ্কতা স্বৰূপে শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰালয়ে এক পৰামৰ্শ জাৰি কৰি দুবছৰৰ তলৰ শিশুক কাহৰ চিৰাপ নিদিবলৈ পৰামৰ্শ দিয়ে।
हिन्दुस्थान समाचार / অৰৱিন্দ