ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত জগদৈৰ যুৱক নিৰুদ্দেশ
কোকৰাঝাৰ, ০৪ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত জগদৈ,খেজুৰ বাৰী গাঁওৰ এজন বাসিন্দা এবছৰ, পূৰ্বে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নিৰুদ্দিষ্ট যুৱক জনৰ নাম আজিজুল আলী মণ্ডল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, উক্ত গাওঁ
ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত জগদৈৰ যুৱক নিৰুদ্দেশ


কোকৰাঝাৰ, ০৪ অক্টোবৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত জগদৈ,খেজুৰ বাৰী গাঁওৰ এজন বাসিন্দা এবছৰ, পূৰ্বে নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নিৰুদ্দিষ্ট যুৱক জনৰ নাম আজিজুল আলী মণ্ডল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, উক্ত গাওঁ খনৰ আফতাৰ আলী ওৰফে, আকবৰ আলীৰ জেষ্ঠ পুত্ৰ আজিজুল আলী নামৰ যুৱক জন জগদৈ, প্ৰতাফ খাতা বাহাদুৰ পাৰা গাঁৱৰ ঠিকাদাৰ জয়নাল আবেদিনৰ সৈতে কৰ্ম সুত্ৰে গুজৰাট গান্ধী ধাম ৰাজধানী কাঠ মিলত কাম কৰি থকা অৱস্থাত তাৰ পৰাই নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

ইফালে,পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি সন্ধান উলিয়াব পৰা নাই। অৱশেষত মাকে, ১৮ বছৰীয়া পুত্ৰ আজিজুল হকক বিচাৰি দিনে নিশাই দিনৰ খাদ্য ৰাতি, আৰু ৰাতিৰ খাদ্য দিনে, খাই কান্দি কান্দি, দিনে নিশাই মানসিক ভাবে ভাগি পৰা তথা হতাশা হোৱা পৰিলক্ষিত হৈছে।আনহাতে, কোনো সদাশয় বাক্তিয়ে এবছৰৰ পৰা নিৰুদ্দেশ হৈ থকা আজিজুল হকৰ যদি কোনো লোকে সন্ধান দিব পাৰে তেনেহলে, তাৰ বাবে নগদ এক লাখ টকাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব লগতে যোগাযোগৰ সুবিধাৰ্থে, ৯৮৬৪৫৩১৯৩৬ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ গাওবাসীৰ লগতে পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande