ওদালগুৰি, ০৪ অক্টোবৰ (হি.স.)। সমগ্ৰ ৰাজ্য তথা দেশতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত এক শোকাকূল পৰিৱেশৰ সৃষ্টি হৈছে। জুবিন দাৰ মৃত্যুৰ আজি দুটা সপ্তাহ পাৰ হৈ যোৱাৰ পিছতোযেন কোনোৱে মানি লোৱা নাই তেওঁ নোহোৱা হৈ যোৱাৰ কথা। সমগ্ৰ ৰাজ্যতে যিয়ে যিদৰে পাৰে প্ৰাণৰ শিল্পীগৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলী। টংলাতো বিভিন্ন দল সংগঠনৰ লগতে টংলাৰ উৱৰ্শী নাৰ্চাৰীৰ তৰফৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গসৈ এত ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি যচা হয়।
অনুষ্ঠানত আজি ৰাতিপুৱাৰ ভাগত ভাগৱত পাঠৰ লগতে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। সকলোৰে হৃদয়ত স্পন্দিত হৈ থকা ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই টংলা বৰাখাটৰ নিবাসী উৱৰ্শী নাৰ্চাৰীৰ নেতৃবৃন্দই প্ৰাণৰ শিল্পীগৰাকীয়ে ভাল পোৱা ধৰণেই গছপুলি ৰোপণ কৰে।
উৱৰ্শী নাৰ্চাৰীৰ স্বতাধিকাৰী হিমন্ত ডেকাই জুবিন গাৰ্গৰ স্মৃতিত কুকুৰাকাটা বৰাখাট অঞ্চলৰ পৰা মহলীয়াপাৰা সংযোগ ঘাইপথত দুয়োকাষে এশ ৰো অধিক গছপুলি ৰোপণ কৰে। জুবিন গাৰ্গৰ স্মৃতি অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ সভাপতি নিলয় চলিহা, ৰাইজৰ দলৰ সভাপতি পংকজ অসমীয়াৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ