কোকৰাঝাৰ, ০৪ অক্টোবৰ (হি.স.)। কোকৰাঝাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ জোৱায়েকৰ প্ৰাণঘাতী আক্ৰমণত আহত শহুৰ আৰু খুলশালী ৷ বৰ্তমান কোকৰাঝাৰ এম আৰ এম নাৰ্চিং হোমত চিকিৎসাধীন শহুৰ গনেশ চৌহান(৫৬) আৰু খুলশালী মানিক চৌহান(৩০) ৷ ঘটনাক কেন্দ্ৰ কৰি চিকিৎসাধীন মানিক চৌহানৰ পত্নী সীমা দেৱী চৌহানে কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷
ইতিমধ্যে কোকৰাঝাৰ আৰক্ষীৱে আক্ৰমণকাৰী জয়ৰাম চৌহানক আটক কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে, সুদীৰ্ঘ বছৰ ধৰি চলি থকা পাৰিবাৰিক কন্দলৰ গইনালৈ কুমগুৰী গাওত যোৱা কালি সন্ধিয়া ৭ বজাত জয়ৰাম চৌহান নামৰ লোকজনে অত্যাধিক মদ্যপান কৰি হাতত উন্মুক্ত এখন দা’লৈ আকৎস্মিক শহুৰৰ ঘৰত প্ৰৱেশ কৰে ৷
পাছত শহুৰৰ পৰিয়ালক অশ্ৰাভ্য গালি গালাজ কৰি থকাৰ সময়তে শহুৰ গনেশ চৌহান উপস্থিত হোৱাত জোৱায়েকে শহুৰক উপৰ্যোপৰি দা’ৰে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলাই ৷ পাছত আহত গনেশ চৌহানৰ পুত্ৰ মানিক চৌহান দৌৰি আহি বাধা দিৱলৈ প্ৰচেষ্টা চলোৱাতে তেওকো দাৰে প্ৰাণঘাতী আক্ৰমণ চলাই ৷পাছত দুয়ো গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱাত প্ৰতিবেশী আৰু পৰিয়ালৰ সদস্যই উদ্ধাৰ কৰি কোকৰাঝাৰ এম আৰ এম নাৰ্চিং হোমত চিকিৎসাধীন কৰে ৷ বৰ্তমান দুয়ো সংকটমুক্ত বুলি চিকিৎসালয় সূত্ৰত প্ৰকাশ ৷ ইপিনে যোৱা নিশা ঘটনাৰ খৱৰ পাই আৰক্ষীৱে আক্ৰমণকাৰীক হাতে লোতে কৰায়ত্ত কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা