ৰূপহীহাটত অ .জা. যু. ছা.প.ৰ উদ্যোগত জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত
নগাও, ০৪ অক্টোবৰ (হি.স.)। ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মহান শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে। জুবিন গাৰ্গৰ মৃত্যুত অসমৰ প্ৰত্যেকজ
ৰূপহীহাটত অ .জা. যু. ছা.প.ৰ উদ্যোগত জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত


নগাও, ০৪ অক্টোবৰ (হি.স.)। ৰূপহীহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একাজলি শ্ৰদ্ধাঞ্জলী আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মহান শিল্পী গৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে। জুবিন গাৰ্গৰ মৃত্যুত অসমৰ প্ৰত্যেকজন লোকৰ ঘৰৰ পৰা কোনোবা এজনৰ দাদা, ভাতৃ ,বন্ধু দুখীয়াৰ ভগৱানক হেৰুৱাৰ বেদনাই মনত খুন্দিয়াই ফুৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উক্ত অনুষ্ঠানৰ পৰাই চৰকাৰক আহ্বান জনায় যাতে শিল্পী গৰাকীৰ অকাল মৃত্যুৰ সৈতে নাম সাঙুৰ খোৱা কোনো এজন লোকো যাতে আইনৰ সুৰুঙাৰে বাচি যাব নোৱাৰে। কিছু দিন জেল হাজোতত পুনৰ ওলাই অহা সাংস্কৃতিক বেপাৰী সকলে যাতে পুনৰাই জাতিটোৰ আৱেগক বেপাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰক জুবিন গাৰ্গৰ মৃত্যুক সহজ ভাবে কোনেও মানি নলয়।

চিংগাপুৰৰ য়টত থকা সকলোকে আইনৰ আওতাত আনিবলৈ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহীহাট অঞ্চলিকৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande