দক্ষিণ শালমাৰা, ০৪অক্টোবৰ (হি.স.)। মানকাচৰ ইউ কো বেংকত দিন দুপৰতে সংঘটিত চুৰি কাণ্ডৰ ৰহস্য ফাদিল। বেংকৰ শাখা প্ৰৱন্ধককে ধৰি তিনিজনক গ্ৰেপ্তাৰ। উল্লেখ্য যে যোৱা কালি দিনৰ ভাগত বেংকৰ প্ৰৱেশ দূৱাৰৰ গ্ৰীলৰ তলা কাটি চুৰে সোমাই বেংকৰ টকা চুৰি কৰাৰ খবৰ মানকাচৰ আৰক্ষীয়ে লাভ কৰাৰ লগে লগেই বেংকত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জেষ্ঠ আৰক্ষী অধিক্ষক হৰেণ তকবীৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়াৰ দল বেংকটোত উপস্থিত হই প্ৰায় চাৰি ঘন্টাৰ অন্তত বেংকৰ ভিতৰত থকা এটা কোঠাৰ পৰা চুৰি হোৱা ধনৰ ১২ লাখ টকাৰ ভিতৰত ৯ লাখ পঞ্চাশ হেজাৰ টকা উদ্ধাৰ কৰিব সক্ষম হৈছিল আৰক্ষীয়ে৷
আনহাতে অভিযুক্ত তিনি গৰাকীৰ বেংকৰ কৰ্মচাৰী ঘৰতো আৰক্ষীয়ে অনুসন্ধান চলাইছিল ফলত বেংকত দৈনিক হাজিৰা হিচাপে কৰ্মৰত আৰিহান্ট হৰিজনৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ ৫৪ হেজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
ফলত মানকাচৰ আৰক্ষীয়ে বেংকত সংঘটিত চুৰিৰ ঘটনাৰ সৈতে জড়িত অভিযূক্ত বেংক কৰ্মচাৰী ক্ৰমে শাখা প্ৰৱন্ধক সাহিল আঞ্জুম গাননিক অময়দ্বীপ ৰয় আৰু দৈনিক মজুৰি হিচাপে কৰ্মৰত আৰিহান্ট হৰিজনক মানকাচৰ আৰক্ষী যোৱা নিশা থানাত লৈ আনি ওৰে নিশা সোধা পোচা চলায় আৰু ঘটনাৰ সৈতে তিনিও জড়িত থকাৰ যথেষ্ট প্ৰমান লাভ কৰিবলৈ সফল হয় ৷
এই সন্দৰ্ভত মানকাচৰ আৰক্ষীয়ে ১৩১/২০২৫ নম্বৰত আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/৩০৫(এ)(ই)/৩০৬/৩১৫(৫)২১৭/৩১৪/৩১৬ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তিনিওগৰাকী অভিযুক্তক মানকাচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা