তামুলপুৰ, ০৪ অক্টোবৰ (হি.স.)। তামুলপুৰ জিলা সদৰ সংযোগী তামুলপুৰ-ওডালগুৰি ৰাজ্যিক গড়কাপ্তানি পথটিৰে যাতায়ত কৰাৰ ক্ষেত্ৰত পথচাৰীসকল অসুবিধাৰ সন্মুখীন হৈছে। এই পথৰ তামুলপুৰ নাগ্ৰীজুলিৰ অংশ মেৰামতি অভাৱত ঠায়ে ঠায়ে জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে। পোন্ধৰ কিলমিটাৰ পথৰ কচুবাৰীৰ পৰা আৰম্ভ কৰি পথ চোৱা নোৱাখাট, লাউপাৰা, গুডামবস্তিত
আদি ঠাইত বৃহৎ গাতৰ সৃষ্টি হৈছে ৷
পথটোৰ দুৰ্বল অৱস্থাৰ বাবে পথচাৰী সকল বিপদত পৰিছে ৷ নিতৌ শ শ গাড়ী মটৰ আৰু মালবাহী ট্ৰাক ডাম্পাৰ আহযাহ কৰে ৷ উল্লেখ্য় যে ২০১৭ চনত এই পথচোোৱা নিৰ্মাণ কৰা হৈছিল ৷ এই পথে তামুলপুৰ দৰং ওডালগুৰি শোণিতপুৰ জিলাৰ পথ পৰিবহন যাতায়ত আৰু পৰ্যটন ক্ষেত্ৰলৈ আনিছিল আশাৰ বতৰা ৷ সম্প্ৰ্ৰতি পথচোৱাৰে বিপদ সংকূল ভাৱে সৰু বৰ গাড়ী অহাযোৱা কৰি আছে ৷ স্থানীয় ৰাইজে উল্লিখিত ঠাই সমূহৰ গাত সমূহ মেৰামতি কৰিবলৈ দাবী জনাইছে ৷ বৰষুণ দিলে গাত বোৰ পানীৰে ভৰি পৰে ৷ ৰদ দিলে ধূলিময় হৈ পৰে ৷ ফলত পথাচাৰিৰ বাবেও সমস্যা হৈছে ৷ সেয়ে লোকনিৰ্মান বিভাগলৈ পথৰ গাত বোৰ মেৰামতি কৰি পথচোৱা যাতায়তৰ সুবিধা কৰি দিবলৈ আহ্বহন জনাইছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা