হোজাইত ৰে’লৰ চেপাত একে পৰিয়ালৰ তিনিজন নিহত
হোজাইত ৰেলৰ চেপাত একে পৰিয়ালৰ তিনিজন নিহত
হোজাইত ৰে’লৰ চেপাত একে পৰিয়ালৰ তিনিজন নিহত


হোজাই, ০৪ অক্টোবৰ (হি.স.): হোজাইত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক অঘটন সংঘটিত হয়। ৰে’লৰ চেপাত একে পৰিয়ালৰ তিনিজন লোক নিহত হয়। হোজাইৰ আহোমপুৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য় যে নিহত তিনি জনৰ মাজত আছে দুই কণমানিৰ লগতে এগৰাকী মহিলা ৷ নিহত মহিলা গৰাকী দুই কণমানি শিশুৰ মাতৃ আছিল । মৃত মহিলা গৰাকী আৰু দুই শিশু যমুনামুখৰ চাতিকা পট্টিৰ বাসিন্দা বুলি জানিব পৰা গৈছে। মৃত মহিলা গৰাকীৰ নাম মামনি দাস বুলি কোৱা হৈছে। ইফালে ৬ বছৰীয়া কন্যা সন্তানটিৰ নাম জিয়া দাস আৰু ২ বছৰীয়া পুত্ৰ সন্তানটিৰ নাম পিকি দাস বুলি জনা গৈছে ।

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টিৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত ৰে’ল আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande