চিৰাং, ০৪ অক্টোবৰ (হি.স.)। বিজনীৰ ঝাৰবিষপানিত বনৰীয়া হাতীৰ উপদ্ৰৱ। বন্যহস্তীয়ে অঞ্চলটোত বিগত কিছুদিন ধৰি উপদ্ৰৱ চলায় আছে। ইফালে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি বনৰীয়া হাতীয়ে যোৱা নিশা পুনৰ উপদ্ৰৱ চলায়। বিজনীৰ ঝাৰবিষপানী গাওঁত নিশা বন্যহস্তীয়ে প্ৰৱেশ কৰি ধান খেতি খাই ভাঙি তহিলং কৰে বুলি জানিব পৰা গৈছে।
জানিব পৰা অনুসৰি গাওঁখনৰ গৌৰাঙ্গ নম দাস নামৰ লোকজনৰ ৭ বিঘা ধান খেতি বনৰীয়া হাতীয়ে অনিষ্ট কৰি থৈ যায়। স্থানীয় ৰাইজে জুই দেখুৱাই, কাহি বাতিৰ শব্দ কৰি ফটকা ফুটাই হাতী খেদাৰ চেষ্টা কৰে যদিও সফল নহয়। ইফালে বনবিভাগক খবৰ দিয়া হয় যদিও বন বিভাগৰ লোকে ঘটনাস্থলীত পলমকৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে অঞ্চলটোত অনুৰূপ ঘটনা বাৰম্বাৰ ঘটি থাকে যদিও হাতী মানৱ সংঘাত দূৰ কৰাৰ বাবে কোনো ব্যৱস্থা স্থানীয় প্ৰশাসনে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনেদৰে এতিয়া স্থানীয় ৰাইজে বন্যহস্তীৰ অতংকত বিনিদ্ৰ ৰজনী পাৰকৰিব লগীয়া হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ