গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া বিৰোধীয়ে ৰাজনীতি আৰম্ভ কৰা বুলি ৰাজ্যিক বিজেপি দলে অভিযোগ কৰিছে। এক প্ৰেছ বিবৃতিযোগে আজি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ব্ৰজেন মহন্তই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ সামাজিক মাধ্যমত বিভিন্ন মহলে দৈনিক নানান ধৰণৰ বিকৃত ফটো তথা বিভ্ৰান্তিকৰ তথ্যৰে সমগ্র বিচাৰ প্ৰক্ৰিয়াক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কংগ্ৰেছী তথা বিভিন্ন বামপন্থী আদৰ্শত বিশ্বাসী ব্যক্তিসমূহে অসমক নেপাল সদৃশ পৰিৱেশেৰে অশান্ত কৰাৰ বাবে ভাবুকি প্রদান কৰিছে। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বিষয়টোক ঢাল হিচাপে লৈ ৰাজ্যৰ বিজেপি বিৰোধী শক্তিয়ে দিশপুৰ দখলৰ বাবে হোটেলে হোটেলে মিটিঙৰ আয়োজন কৰিছে।
মহন্তই কয় যে, জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা অভিযুক্তই উক্ত গোচৰৰ অনুসন্ধান প্রক্ৰিয়া অসমৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ আৰ্জিৰে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে। ঠিক একেদৰে কংগ্ৰেছ, এজেপি, ৰাইজৰ দল, বামপন্থী তথা বিজেপি আৰু চৰকাৰ বিৰোধী সকলোৱে জুবিন গাৰ্গৰ অনাকাংশিত মৃত্যুৰ মূল অভিযুক্তই বিচৰা দৰেই উক্ত গোচৰটো দিবলৈ দাবী জনাই আন্দোলন কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযুক্ত আৰু বিৰোধী দলসমূহৰ অসম আৰক্ষীৰ ওপৰত ভৰষা নকৰি সমগ্র বিষয়টোক ৰাজ্যৰ বাহিৰলৈ লৈ যাব বিচৰাকাৰ্য্যক সন্দেহ প্রকাশ কৰিছে। অভিযুক্ত যাতে বাচি যায় আৰু তাৰ পিছত চৰকাৰখনক বদনাম কৰাৰ কৌশলেৰে বিৰোধীয়ে আন্দোলন কৰি অসমখন অশান্ত কৰাৰ চক্ৰান্তত লিপ্ত হৈছে। যিকোনো প্রকাৰে শিল্পীজনৰ দূৰ্ভাগ্যজনক মৃত্যুৰ পিছত সৃষ্টি হোৱা আবেগৰ জখলাৰে দিছপুৰৰ মছনদ দখল কৰাই বিৰোধীৰ মূল উদ্দেশ্য বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।
ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত অসম চৰকাৰে গঠন কৰি দিয়া এজনীয়া ন্যায়িক আয়োগৰ সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনোৱা বুলি মুখপাত্ৰ গৰাকীয়ে সংবাদ মাধ্যমক জনায়। বোকা চতিওৱা তথা বিজেপি চৰকাৰক বদনাম কৰা ৰাজনীতিৰ বিপৰীতে যি সকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বিভিন্ন তথ্য সদৰি কৰি আছে, সেইসকলক তথ্যসমূহ শপত নামাযোগে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ আয়োগৰ ওচৰত দাখিল কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্নান কৰে।
জুবিন গাৰ্গৰ মৃত্যুত প্ৰতিজন অনুৰাগীয়ে অন্তৰ আত্মাত আঘাত পাইছে আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনোধৰণৰ আপোচ নকৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ সমান্তৰালভাৱে ৰাজ্যত চলি থকা অবৈধ শক্তিসমূহৰো উচ্ছেদ চলিব বুলি ঘোষণাকৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈ এটা চক্ৰই চৰকাৰখন অস্থিৰ কৰিব বিচাৰিছে।
জুবিন গাৰ্গক ঢাল হিচাপেলৈ উচ্ছেদৰ প্রতিশোধ ল’ব বিচাৰিছে। ৰাজ্য চৰকাৰে এইসকল বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। জুবিনকো ন্যায় দিয়াৰ লগতে, জাতি-মাটি-ভেটিও ৰক্ষা কৰিবলৈ বিজেপি দল তথা বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী