ছাম্বা, ০৪ অক্টোবৰ (হি.স.)। জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এখন গাঁৱৰ ওপৰত পাকিস্তানী ড্ৰ’ন উৰি থকা দেখা পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।
শুকুৰবাৰে গভীৰ নিশা পাকিস্তানৰ পৰা আহি ড্ৰোন সদৃশ বস্তুটো ৰামগড় ছেক্টৰৰ নংগা গাঁৱৰ ওপৰত উৰি থকা দেখা গৈছে। বিষয়াসকলৰ মতে, তৎক্ষণাত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দল মোতায়েন কৰি অঞ্চলটোত তালাচী চলায় । সীমান্তৰ সিপাৰৰ পৰা যাতে কোনো ধৰণৰ ড্ৰাগছ বা অস্ত্ৰ-শস্ত্ৰ বিমানেৰে নিক্ষেপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে নিৰাপত্তা বাহিনীয়ে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাষৰীয়া গাঁওসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া