কলিম্পঙত গাড়ী খাৱৈত পৰি ৪ জন নিহত, ৩ জন আহত
শিলিগুৰি, ০৪ অক্টোবৰ (হি.স.)। পশ্চিমবঙ্গৰ কলিম্পঙৰ ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা এখন বাহন দ খাৱৈত পৰি কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হয় প্ৰায় ৮ বজাত কলিমপং থানাৰ অন্তৰ্গত মে
পথ দুৰ্ঘটনা


শিলিগুৰি, ০৪ অক্টোবৰ (হি.স.)। পশ্চিমবঙ্গৰ কলিম্পঙৰ ১০ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা এখন বাহন দ খাৱৈত পৰি কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হয় প্ৰায় ৮ বজাত কলিমপং থানাৰ অন্তৰ্গত মেলি কিৰ্ণীৰ ওচৰত। পাথেৰঝোৰাৰ পৰা গেংটকলৈ গৈ থকা এখন গাড়ী পথৰ পৰা ছিটিকি ৫০ ফুট দ খাৱৈত বাগৰি পৰে।

নিহত দুজন বজোঘাৰি অঞ্চলৰ বাসিন্দা কমল চুব্বা (৪৪), চালক সমীৰা চুব্বা (২০), জানুকা দাৰ্জী, আৰু নীতা গুৰুং বুলি জনা গৈছে।

আহত সুনীতা থাপা, সন্দৰিয়া ৰায়, আৰু সমিউল দাৰ্জী মেলি ছিকিম হাস্পতালত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande