ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ জয়লাভ
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৫ম হকী ইণ্ডিয়া চিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ খিতাপ দখল কৰিছে ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডে। শনিবাৰে খেলা চূড়ান্ত খেলখনত ৰে’লৱেই ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন
ट्रॉफी के साथ रेलवे स्पोर्ट्स प्रमोशन बोर्ड


নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৫ম হকী ইণ্ডিয়া চিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ খিতাপ দখল কৰিছে ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডে। শনিবাৰে খেলা চূড়ান্ত খেলখনত ৰে’লৱেই ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডক ৫-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইফালে ব্ৰঞ্জৰ পদক মেচখনত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডক ৪-১ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰে।

চূড়ান্ত খেলখনত ৰে’লৱেৰ হৈ নৱনীত কৌৰে (৯’, ২১’, ৫৪’) এক উজ্জ্বল হেট্ৰিক অৰ্জন কৰে। ছালিমা টেটে (৩৯’) আৰু সংগীতা কুমাৰী (৫২’)য়েও এটাকৈ গ’ল দি নিজৰ দলৰ জয় নিশ্চিত কৰে। অন্তিম মিনিটত ইণ্ডিয়ান অইলৰ হৈ জ্যোতিয়ে (৬০’) একমাত্ৰ গ’লটো দি দলটোৱে ৰূপৰ পদকত সন্তুষ্ট হ’বলৈ বাধ্য হয়।

ব্ৰঞ্জৰ পদকৰ খেলখনত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। বৰিৎকা ৰাৱাটে (১৬’, ৪৬’) দুটা গ’ল দিয়াৰ বিপৰীতে অধিনায়ক ঐশ্বৰ্য চাভান (৩৯’) আৰু প্ৰিনি কান্দিৰে (৪১’) এটাকৈ গ’ল সংগ্ৰহ কৰে। চিবিডিটিৰ একমাত্ৰ গ’লটো কৰে বৈষ্ণৱী বিঠাল ফালকে (৪৪’)।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande