বৰপেটা, ০৪ অক্টোবৰ (হি.স.): বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঠশাল মহাবিদ্যালয়ৰ সন্মুখত যোৱা কালি শুকুৰবাৰৰ বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি এএছ ১৫ এচি ১৬৪৪ নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিলে এএছ ১৫ জিলাৰ ৩৮০২ নম্বৰৰ এখন ই- ৰিক্সা। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ চালক জনে। সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ই- ৰিক্সা চালকক। গুৰুতৰ বাবে আহত হোৱা ই- ৰিক্সা চালকৰ নাম হুছেইন আলি (৩৪) বুলি জানিব পৰা গৈছে । ই -ৰিক্সাৰে ভঙা চিঙাৰ লোহাৰ ব্যৱসায় কৰিছিল হুছেইন আলিয়ে। তীব্ৰ বেগেৰে মহতিয়াই নিয়া ডাম্পাৰ খন ইতিমধ্যে পাঠশালা আৰক্ষীয়ে জব্দ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ