নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা লোকসভাৰ সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কেৰালাৰ ৱায়ানাদত সংঘটিত হোৱা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ পিছত পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক স্থানীয় লোকৰ পুনৰ সংস্থাপনৰ বাবে আহ্বান জনাইছে ।
এক্স-পোষ্টত ৱায়ানাদৰ সাংসদ প্ৰিয়ংকাই কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁজিক অপৰ্যাপ্ত বুলি অভিহিত কৰি অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ৱায়ানাদৰ জনসাধাৰণে এক ভয়াৱহ ট্ৰেজেডীৰ সন্মুখীন হৈছে যাৰ বাবে মমতা, ন্যায়পৰায়ণতা, আৰু তাৎক্ষণিক সকাহৰ প্ৰয়োজন। ভূমিস্খলন আৰু দুৰ্যোগৰ পিছত কেৰালা চৰকাৰে অঞ্চলটোৰ পুনৰ নিৰ্মাণৰ বাবে ২,২২১ কোটি টকাৰ অনুৰোধ জনাইছিল যদিও কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ২৬০ কোটি টকাহে অনুমোদন জনাইছিল, যিটো প্ৰকৃত প্ৰয়োজনীয়তাৰ এক অংশ।
ঘৰ-দুৱাৰ, জীৱিকা, আপোনজনক হেৰুৱাই পেলোৱাসকলে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছত অৰ্থপূৰ্ণ সহায়ৰ আশা কৰিছিল যদিও কেৱল অৱহেলাৰ সন্মুখীন হোৱা বুলিও কয় প্ৰিয়ংকাই । তেওঁ কয় যে সাহায্য আৰু পুনসংস্থাপন ৰাজনীতিৰ ওপৰত স্থান দিব লাগিব। মানুহৰ দুখ-কষ্টক ৰাজনৈতিক সুযোগ হিচাপে গণ্য কৰিব নোৱাৰি আৰু ৱায়ানাদৰ জনসাধাৰণে ন্যায়, সমৰ্থন আৰু সন্মানৰ যোগ্য।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া