ইম্ফল, ০৪ অক্টোবৰ (হি.স.)। দুবছৰৰ বিৰতিৰ অন্তত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত পুনৰ আৰম্ভ হৈছে ডাক সেৱা।
শনিবাৰে ইম্ফল মুখ্য ডাকঘৰৰ এজন বিষয়াই উল্লেখ কৰে যে ২০২৩ চনৰ মে’ মাহত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ পিছত প্ৰথমবাৰৰ বাবে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত ডাক সেৱা পুনৰ আৰম্ভ হৈছে। তাত চিঠি, পাৰ্চেল, আৰু অন্যান্য সামগ্ৰী নমাই প্ৰায় ১২:৪০ বজাত ইম্ফললৈ উভতি আহিল।
বিষয়াগৰাকীয়ে ব্যাখ্যা কৰে যে দুবছৰতকৈ অধিক সময় ধৰি নিয়মীয়া ডাক যোগান ব্যাহত হৈ থকাৰ ফলত হাজাৰ হাজাৰ বাসিন্দাৰ যোগাযোগত ব্যাঘাত জন্মে। তেওঁ উল্লেখ কৰে যে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত চুৰাচান্দপুৰ জিলা আৰু মণিপুৰৰ অন্যান্য অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ লগে লগে ডাক সেৱা পুনৰ আৰম্ভ হৈছে। ডাক বিভাগৰ এগৰাকী বিষয়াই কয় যে ৰাজ্যখনক দেশৰ বাকী অংশৰ সৈতে পুনৰ সংযোগ স্থাপনৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ