ৰহাত ৰাইজৰ হাতত হাতে লোটে ধৰা পৰে এটা চোৰ
নগাও, ০৪ অক্টোবৰ (হি.স.)। ৰহাত দিন দুপৰতে চুৰি কাৰ্য সংঘটিত কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ। ৰহাৰ ৰণথলি স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা আয়ুৰ্বেদিক স্বাস্থ্য কেন্দ্ৰটোৰ খিৰিকীত থকা এলুমিনিয়াম ফ্ৰেম খুলি নিবলৈ চেষ্টা কৰোঁতেই ৰাইজে হাতে লোটে ধৰে এট
ৰহাত ৰাইজৰ হাতত হাতে লোটে ধৰা পৰে এটা চোৰ


নগাও, ০৪ অক্টোবৰ (হি.স.)। ৰহাত দিন দুপৰতে চুৰি কাৰ্য সংঘটিত কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰিল এটা চোৰ। ৰহাৰ ৰণথলি স্বাস্থ্য কেন্দ্ৰৰ কাষতে থকা আয়ুৰ্বেদিক স্বাস্থ্য কেন্দ্ৰটোৰ খিৰিকীত থকা এলুমিনিয়াম ফ্ৰেম খুলি নিবলৈ চেষ্টা কৰোঁতেই ৰাইজে হাতে লোটে ধৰে এটা চোৰক।

ধৃত চোৰটোক ছাহজাহান আলি বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটক কৰা চোৰটোক ৰাইজে ৰহা আৰক্ষীক গতাই দিয়ে।লক্ষনীয় যে অঞ্চলটোত সঘনে সংঘটিত হোৱা চুৰি কাৰ্যত ৰাইজ অতিষ্ঠ হৈ আৰক্ষীৰ চোকা পহৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। ৰাইজৰ বহুমূলীয়া সম্পদ সমূহ চোৰে চুৰি কৰি নিয়াৰ ফলত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ পৰিয়াল সমূহৰ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হব লগা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande