বিশ্বনাথ, ০৪ অক্টোবৰ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ অসম অৰুণাচল সীমান্তৰ ৰাজগড় অঞ্চলত পথৰ দুৰৱস্থাই মানুহক বাৰুকৈয়ে জীয়াতু ভোগাইছে। দুয়োখন ৰাজ্যৰ লোকে যাতায়ত কৰা পথটিৰ অৱস্থা শোচনীয় হৈ পৰিছে। প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত পানী জমা হোৱাৰ লগতে পানী ফালি যাতায়ত কৰে ৰাইজে ৷ পথৰ উপৰেদি বৈ গৈছে এখন নদী ৷
উল্লেখ্য যে কেইবছৰ মানৰ আগতে অৰুণাচল চৰকাৰে পথটি বনাইছিল যদিও বৰ্তমান সময়ত এয়া প্ৰত্যক্ষ হোৱা নাই। অসমেই হওঁক বা অৰুণাচলেই হওঁক পথটি পুনৰ নিৰ্মানৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই । যাৰ ফল ভুগিছে ৰাইজে। পথৰ দুৰৱস্থাৰ বাবেই স্কুলীয়া ছাত্ৰ-ছাত্ৰী, পথচাৰী, ব্যৱসায় কৰিবলৈ ওলাই অহা ব্যৱসায়ী সকলো ভীষণ অসুবিধাৰ সন্মুখিন হ'ব লগাত পৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ