প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱক-যুৱতীসকললৈ আগবঢ়াব এক বৃহৎ উপহাৰ, ৬২ হাজাৰ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভ
নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শনিবাৰে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ আঁচনি মুকলি কৰিব। এই আঁচনিসমূহ শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণৰ প্ৰসাৰৰ মূল উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছে। নতুন দিল্ল
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শনিবাৰে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলৰ বাবে ৬২ হাজাৰ কোটিৰো অধিক মূল্যৰ আঁচনি মুকলি কৰিব। এই আঁচনিসমূহ শিক্ষা, দক্ষতা বিকাশ, উদ্যোগীকৰণৰ প্ৰসাৰৰ মূল উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনৰ পৰা পুৱা ১১ বজাত এই আঁচনিসমূহ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰধানমন্ত্ৰী স্কিলিং এণ্ড এম্প্ৰলয়াবিলিটি ট্ৰান্সফৰ্মেচন থ্ৰু আপগ্ৰেডেড আইটিআই (পিএম-সেতু) আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু নিয়োগযোগ্যতা পৰিৱৰ্তন আঁচনিৰ শুভাৰম্ভ কৰিব। এই আঁচনিৰ অধীনত ৬০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ১০০০ চৰকাৰী আই টি আই আধুনিকীকৰণ কৰা হ’ব। হাব-এণ্ড-স্পক মডেলৰ আধাৰত এই আঁচনিখন উদ্যোগৰ অংশীদাৰসকলৰ সহায়ত ৰূপায়ণ কৰা হ’ব আৰু বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰাও সহায় লাভ কৰিব। এই প্ৰতিষ্ঠানসমূহ উন্নত আন্তঃগাঁথনি, ডিজিটেল ব্যৱস্থা, আৰু উদ্ভাৱন কেন্দ্ৰৰ সৈতে বিকশিত কৰা হ’ব। প্ৰথম পৰ্যায়ত পাটনা আৰু দাৰভঙাত আই টি আইক অগ্ৰাধিকাৰ দিয়া হ’ব।

ইয়াৰ উপৰিও ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪০০খন নবোদয় বিদ্যালয় আৰু ২০০খন একলব্য আদৰ্শ বিদ্যালয়ত ১২০০টা দক্ষতা লেব মুকলি কৰা হ’ব। এইবোৰে আই টি, অটোম’বাইল, কৃষি, ইলেক্ট্ৰনিকছ, লজিষ্টিক, আৰু পৰ্যটনকে ধৰি ১২টা মূল খণ্ডৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ বাবে ১২০০ বিশেষ শিক্ষককো প্ৰশিক্ষণ দিয়া হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে এন আই টি পাটনাৰ বিহটা কেম্পাছ দেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াত ৬৫০০ ছাত্ৰ-ছাত্ৰীৰ ক্ষমতা আছে। ইয়াত ৫জি পৰীক্ষাগাৰ, ইছৰোৰ সহযোগত মহাকাশ গৱেষণা কেন্দ্ৰ আৰু ইতিমধ্যে ৯টা ষ্টাৰ্টআপক সহায় কৰা উদ্ভাৱন কেন্দ্ৰ আছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande