লামডিঙত বিদ্যুৎপৃষ্ঠ হৈ এজন ব্যক্তিৰ মৃত্যু
লামডিংত বিদ্যুত পৃষ্ঠ হৈ এজন ব্যক্তিৰ মৃত্যু।
লামডিঙত বিদ্যুৎপৃষ্ঠ হৈ এজন ব্যক্তিৰ মৃত্যু


হোজাই, ০৪ অক্টোবৰ (হি.স.): হোজাই জিলাৰ লামডঙত এক অঘটন সংঘটিত হৈছে। লামডিঙত বিদ্যুৎপৃষ্ঠ হৈ এজন ব্যক্তিৰ মৃত্যু হয়। নিজৰ খেতিপথাৰত বিদ্যুতৰ তাঁৰত লাগি মৃত্য়ু হয় সাধু চৌহান নামৰ কৃষকগৰাকীৰ।

জানিব পৰ ামতে, লামডিং জাৰাংদিছা নামৰ ১নং গাঁৱৰ কৃষক সাধু চৌহানে জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিবলৈ নিজৰ খেতিপথাৰত বিদ্যুতৰ তাঁৰ লগাইছিল। যদিও কালি বিয়লি খেতিপথাৰত থকা বিদ্যুতৰ তাঁৰত নিজেই মৃত্যুমুখত পৰে। নিজৰ খেতি ডৰা বিভিন্ন জন্তুৰ পৰা সুৰক্ষিত কৰাৰ অৰ্থে চৌ দিশে লগাইছিল বিদ্যুতৰ তাঁৰ। গাঁৱৰ মানুহে কোৱা মতে, ব্যক্তি গৰাকীয়ে নিজৰ খেতিত প্ৰবেশ কৰোতেই বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু মুখত পৰে। পিছত মৃত ব্যক্তি সাধু চৌহানৰ মৃতদেহটো খেতি পথাৰৰ পৰা উদ্ধাৰ কৰা হয় । এই ঘটনাৰ খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande