বিলাসীপাৰাৰ গৌৰাং নৈত কিশোৰী নিখোজ
বিলাসীপাৰাৰ গৌৰাং নৈত সংঘটিত হয় শোকাৱহ ঘটনা।
বিলাসীপাৰাৰ গৌৰাং নৈত কিশোৰী নিখোজ


ধুবুৰী, ০৪ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাং নৈত যোৱা কালি শুকুৰবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। বিলাসীপাৰাৰ গৌৰাং নৈত এগৰাকী কিশোৰী নিখোজ হৈ পৰিছে ।

গৌৰাং নৈত সমনীয়াৰ লগত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে কিশোৰী গৰাকী। সন্ধানহীন হোৱা কিশোৰ জনী হাতীপোতা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা হজৰত আলীৰ কন্যা আখিৰা বেগম (১২) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি সমনীয়াৰ লগত গা ধুই থাকোঁতে কিশোৰী দ পানীত পৰি ককবকাবলৈ ধৰে। লগৰীয়াসকলে কিশোৰী গৰাকীক উদ্ধাৰ কৰাৰ চেষ্টা চলাইছিল যদিও দ পানীত ডুব যায় কিশোৰী আখিৰা বেগম।

ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী আৰু এছডিআৰএফৰ দ'ল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে সন্ধান পোৱা নাই কিশোৰী গৰাকীৰ। এই ঘটনাক লৈ হাতীপোতা গাওঁখনত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande