নলবাৰী, ০৪ অক্টোবৰ (হি.স.)। সাধাৰণ গ্ৰাহকৰ দৰেই দীঘলীয়া শাৰী পাতি এটিএমৰ পৰা টকা উলিয়ালে এগৰাকী ভিআইপিয়ে৷ পূজাৰ বতৰত নলবাৰী জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীক দেখা গ'ল সাধাৰণ গ্ৰাহকৰ ৰূপত৷
জিলা আয়ুক্ত গৰাকীয়ে দীঘলীয়া শাৰীত থিয় হৈ এটিএমৰ পৰা উলিয়ালে টকা৷ উল্লেখযোগ্য যে যোৱা কালি শুকুৰবাৰৰ দিনৰ দিনটো নলবাৰীত এটিএমত টকা বিচাৰি হাহাঁকাৰ লাগিছিল গ্ৰাহকৰ৷ কাৰণ নলবাৰীত এটিএমত টকা নাছিল৷ অৱশেষত সন্ধিয়া নলবাৰীৰ এটিএমত ভৰোৱা হয় টকা৷ ইয়াৰ পিছতেই এটিএম সমূহত দেখা গ’ল দীঘলীয়া শাৰী৷ আৰু সেই দীঘলীয়া শাৰীত বহু সময় থিয় দি টকা উলিয়ালে নলবাৰীৰ জিলা আয়ুক্ত নিৱেদন দাস পাটোৱাৰীয়ে৷
এগৰাকী ভিআইপি হৈয়ো সাধাৰণ গ্ৰাহকৰ লগত একে শাৰীতে থিয় হৈ এটিএমৰ পৰা টকা উলিওৱা দৃশ্যই উপস্থিত সকলোকে আপ্লুত কৰিলে৷ সৎ বিষয়া হিচাপে পৰিচিত নিবেদন দাস পাটোৱাৰীৰ এনে কাৰ্য্য সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা