জটিল ৰোগত আক্ৰান্ত বৰপেটাৰ এটি শিশু
বৰপেটা, ০৪ অক্টোবৰ (হি.স.)। নাম আছাদুল ইছলাম,বয়স ১১ বছৰ । ঘৰ বৰপেটা জিলাৰ কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত টাপাজুলী গাওঁ। শিশুটি দীৰ্ঘদিন ধৰি চকুত হোৱা টিউমাৰ ৰোগত ভুগি আছে । সম্প্ৰতি শিশুটিৰ শাৰীৰিক অৱস্থা সংকটজনক। চিকিৎসকে পৰামৰ্শ দিছে শীঘ্ৰে অপাৰেচন
জটিল ৰোগত আক্ৰান্ত বৰপেটাৰ এটি শিশু


বৰপেটা, ০৪ অক্টোবৰ (হি.স.)। নাম আছাদুল ইছলাম,বয়স ১১ বছৰ । ঘৰ বৰপেটা জিলাৰ কাদং গাওঁ পঞ্চায়তৰ অন্তৰ্গত টাপাজুলী গাওঁ। শিশুটি দীৰ্ঘদিন ধৰি চকুত হোৱা টিউমাৰ ৰোগত ভুগি আছে । সম্প্ৰতি শিশুটিৰ শাৰীৰিক অৱস্থা সংকটজনক।

চিকিৎসকে পৰামৰ্শ দিছে শীঘ্ৰে অপাৰেচন কৰিবলৈ । কিন্তু অপাৰেচন কৰিবলৈ ৪ লাখ টকাৰ প্ৰয়োজন। পৰিয়ালৰ লোকে ইটো সিটো বিক্ৰী কৰি মাত্ৰ ২ লাখ টকা যোগাৰ কৰিছে যদিও প্ৰয়োজন হোৱা টকাৰ অভাৱত শিশুটিৰ কৰিব পৰা অপাৰেচন। সেয়েহে শিশুটিৰ পৰিয়ালটিয়ে সদাশয় লোকৰ ওচৰত হাত পাতিছে আৰ্থিক সহায়ৰ বাবে । ৰাইজৰ সহায় আৰু আৰ্শীবাদ পালে কিজানি শিশুটি সুস্থ হৈ দুখেৰে জৰ্জৰিত মাকৰ বুকু শীতল কৰিব । কোনোবা সদাশয় লোকে শিশুটিক চিকিতসাৰ বাবে সহায় কৰিব বিচাৰিলে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি কিছু সহায়ৰ হাত আগবঢ়াবলৈ পৰিয়ালটোৱে ৰাইজলৈ কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande