জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী নাজিৰা মেকিপুৰৰ শিল্পী সমাজৰ
শিৱসাগৰ, ০৪ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী মেকিপুৰৰ শিল্পী সমাজৰ ৷ মেকিপুৰ চাৰিআলিত পকী দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি শিল্পী গৰাকীক জিয়াই ৰখাৰ চেষ্টা ৷ আজিও শোকত ম্ৰিয়মাণ ৰাজ্যবাসী’ হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব,জুবিন গাৰ্গক লৈ৷ জুবিন বিহিন
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী নাজিৰা মেকিপুৰৰ শিল্পী সমাজৰ


শিৱসাগৰ, ০৪ অক্টোবৰ (হি.স.)। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলী মেকিপুৰৰ শিল্পী সমাজৰ ৷ মেকিপুৰ চাৰিআলিত পকী দেৱালত জুবিন গাৰ্গৰ ছবি অংকন কৰি শিল্পী গৰাকীক জিয়াই ৰখাৰ চেষ্টা ৷ আজিও শোকত ম্ৰিয়মাণ ৰাজ্যবাসী’ হিয়াৰ আমঠু, হাৰ্টথ্ৰ’ব,জুবিন গাৰ্গক লৈ৷ জুবিন বিহিন আজি সোতৰটা দিন ৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজ্যবাসীয়ে ৰাজ্যৰ বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলী জ্ঞাপনেৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰিছে৷

নাজিৰাৰ মেকিপুৰৰ এখন পকী দেৱালত মেকিপুৰ শিল্পী সমাজৰ উদ্যোগত আৰু মেকিপুৰ বাসী ৰাইজৰ সহযোগত হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব,শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন ,ন্যায়ৰ উদ্দেশ্যৰে অংকন কৰি উলিয়ালে শিল্পী জুবিন গাৰ্গৰ এখন চিত্ৰ৷ চিত্ৰ অংকন কৰাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ অনুৰাগী সকলৰ লগতে শিল্পী গৰাকীক নিচেই কাষত পোৱা নাজিৰাৰ সংগীত পৰিচালক ৱাছিম আইয়ানে পৰিৱেশন কৰিলে “মায়াবিনী ৰাতিৰ বুকুত”শীৰ্ষক গীতটো৷

শিল্পী জুবিন গাৰ্গৰ চিত্ৰ অংকন স্থলীৰ পৰাই প্ৰতিগৰাকী জুবিন গাৰ্গৰ অনুৰাগীয়ে শিল্পী গৰাকীৰ মৃত্যুৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীয়েই আইনৰ জৰিয়তে কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনালে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande