ইম্ফল, ০৪ অক্টোবৰ (হি.স.)। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত বিদ্ৰোহীৰ কাৰ্যকলাপ আৰু ভাঙি-ছিঙি ৰোধৰ বাবে অনুসন্ধান অভিযান চলোৱা হৈছে। পাহাৰীয়া আৰু উপত্যকা অঞ্চলত নিৰাপত্তা বাহিনীয়ে মুঠ ১১৪টা চেকপইণ্ট স্থাপন কৰিছে।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে বিভিন্ন জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰু এলেকা নিয়ন্ত্ৰণ অব্যাহত ৰাখিছে।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ৩৪৬ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে।সকলো স্পৰ্শকাতৰ স্থানত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বাহনসমূহৰ মুক্ত আৰু নিৰাপদ চলাচল নিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ কনভয় মোতায়েন কৰা হৈছে।
মণিপুৰৰ বিভিন্ন জিলাত পাহাৰীয়া আৰু উপত্যকা উভয় অঞ্চলত মুঠ ১১৪টা চেকপইণ্ট স্থাপন কৰা হৈছে। অৱশ্যে তালাচী অভিযানৰ সময়ত কোনো লোকক আটক কৰা হোৱা নাই।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী