গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে শনিবাৰে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তি পীঠ মা কামাখ্যা ধাম দৰ্শন কৰি পূজা অৰ্চনা কৰে। এই সময়ত তেওঁৰ সৈতে তেওঁৰ পত্নীও উপস্থিত আছিল।
কটকটীয়া নিৰাপত্তাৰ মাজতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে মা কামাখ্যাক প্ৰাৰ্থনা কৰাৰ লগতে ৰাজ্য তথা দেশৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।
মা কামাখ্যা ধামক শক্তি পূজাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গণ্য কৰা হয়, আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বিদেশৰ পৰা ভক্তসকলে মন্দিৰটো দৰ্শন কৰে।
ড০ মোহন যাদৱৰ এই ভ্ৰমণৰ সময়ত মন্দিৰ পৰিসৰত ভক্তৰ যথেষ্ট ভিৰ দেখা গৈছিল আৰু ভক্তিময় পৰিৱেশৰ সৃষ্টি কৰিছিল।
উল্লেখ্য যে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে কাইলৈ দেওবাৰে অসমৰ গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিনিয়োগকাৰী আৰু ভূটানৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ আলোচনাত মিলিত হ’ব। ৰয়েল ভূটান কনছুলেটৰ কাউন্সিল জেনেৰেল জিগমে থিনায়েল নামগিয়ালেও অধিৱেশনত ভাষণ দিব। মুখ্যমন্ত্রী ড০ যাদৱে মধ্য প্রদেশৰ মূল বিনিয়োগ খণ্ড আৰু উদ্যোগ অনুকূল নীতিৰ তথ্য প্রদান কৰিব৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া