মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ দেওবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগকাৰীৰ সৈতে চৰ্চা
- বিনিয়োগৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ আটাইতকৈ অনুকূলঃ মুখ্যমন্ত্ৰী ড° যাদৱ ভূপাল, ০৪ অক্টোবৰ (হি.স.)। অসমৰ গুৱাহাটীত কাইলৈ ৫ অক্টোবৰ দেওবাৰে উত্তৰ-পূব ৰাজ্যৰ বিনিয়োগকাৰী আৰু ভূটানৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ আলোচনাত মিলিত হ’ব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০
मुख्यमंत्री डॉ. यादव द्वारा सोशल मीडिया पर पोस्ट किया गया असम के कार्यक्रम का पोस्टर


- বিনিয়োগৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ আটাইতকৈ অনুকূলঃ মুখ্যমন্ত্ৰী ড° যাদৱ

ভূপাল, ০৪ অক্টোবৰ (হি.স.)। অসমৰ গুৱাহাটীত কাইলৈ ৫ অক্টোবৰ দেওবাৰে উত্তৰ-পূব ৰাজ্যৰ বিনিয়োগকাৰী আৰু ভূটানৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ আলোচনাত মিলিত হ’ব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে। ৰয়েল ভূটান কনছুলেটৰ কাউন্সিল জেনেৰেল জিগমে থিনায়েল নামগিয়ালেও অধিৱেশনত ভাষণ দিব। মুখ্যমন্ত্রী ড০ যাদৱে মধ্য প্রদেশৰ মূল বিনিয়োগ খণ্ড আৰু উদ্যোগ অনুকূল নীতিৰ তথ্য প্রদান কৰিব৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শনিবাৰে তথ্য ভাগ-বতৰা কৰি মুখ্যমন্ত্ৰী ড০ যাদৱে লিখিছে যে মধ্যপ্ৰদেশ আৰু উত্তৰ-পূব ভাৰতৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু অংশীদাৰিত্ব অভূতপূৰ্বভাৱে সম্প্ৰসাৰণ হ’বলৈ গৈ আছে। মধ্যপ্ৰদেশৰ বিনিয়োগৰ এক নতুন অধ্যায় ৰচনা হ’ব অসমৰ গুৱাহাটীত। বিনিয়োগৰ বাবে মধ্যপ্ৰদেশ আটাইতকৈ অনুকূল। গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হ’বলগা এই ইন্টাৰেক্টিভ অধিবেশনত মধ্যপ্ৰদেশৰ বিনিয়োগকাৰীৰ বাবে উপলব্ধ প্ৰৰোচনা, শক্তিশালী আন্তঃগাঁথনি, উদ্যোগ অনুকূল নীতি, আৰু সুবিধাসমূহৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ দ্বাৰা মধ্যপ্ৰদেশ আৰু উত্তৰ-পূব ভাৰতৰ সহযোগিতা আৰু অংশীদাৰিত্ব সম্প্ৰসাৰিত হ’ব।

জনসংযোগ বিষয়া অশোক মানৱানীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড০ যাদৱৰ দায়বদ্ধতা আৰু ৰাজ্যৰ শক্তিশালী নীতিয়ে বিনিয়োগকাৰীক আশ্বস্ত কৰে যে ৰাজ্যখনে তেওঁলোকৰ ব্যৱসায়ৰ বাবে সকলো ধৰণৰ সম্পদ আৰু সুযোগ আগবঢ়ায়। এই সুযোগে উত্তৰ-পূব আৰু মধ্যপ্ৰদেশৰ উদ্যোগসমূহৰ বাবে সহযোগিতাৰ নতুন পথ মুকলি কৰিব। তেওঁ ব্যাখ্যা কৰে যে মধ্যপ্ৰদেশৰ কেন্দ্ৰীয় ভৌগোলিক অৱস্থান, বিশ্বমানৰ আন্তঃগাঁথনি, আৰু বজাৰত সহজ প্ৰৱেশৰ বাবে ইয়াক বিনিয়োগকাৰীৰ বাবে এক অনন্য আৰু অনুকূল গন্তব্যস্থান কৰি তোলা হৈছে।

তেওঁ ব্যাখ্যা কৰে যে মধ্যপ্ৰদেশে উদ্যোগ অনুকূল নীতি আৰু ক্লাষ্টাৰ ভিত্তিক উন্নয়নৰ আৰ্হি প্ৰস্তুত কৰিছে, যাৰ ফলত বিনিয়োগকাৰীসকলে তেওঁলোকৰ নতুন উদ্যোগ পৰিকল্পনাসমূহ দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ বিনিয়োগকাৰীসকলে কৃষি উৎপাদন আৰু প্ৰক্ৰিয়াকৰণ ক্ষমতাৰ দ্বাৰা লাভৱান হয়। বস্ত্ৰ আৰু পোছাক খণ্ডই ৰাজ্যখনৰ পৰম্পৰাগত আৰু আধুনিক সামৰ্থ্যৰ এক শক্তিশালী উদাহৰণ দাঙি ধৰে, যাৰ ফলত ৰপ্তানি আৰু নিয়োগ দুয়োটাতে বৃদ্ধি সম্ভৱ হয়।

ঔষধ আৰু স্বাস্থ্যসেৱা খণ্ডত মধ্যপ্ৰদেশৰ শক্তিসমূহে বিনিয়োগকাৰীসকলক কেঁচামাল, গৱেষণা আৰু উন্নয়ন, আৰু উৎপাদনৰ সুযোগ প্ৰদান কৰে। চিমেণ্ট, খনিজ আৰু অভিযান্ত্ৰিক, পেট্ৰ’কেমিকেল আৰু ৰাসায়নিক পদাৰ্থ, পৰ্যটন আৰু সুস্থতা, নবীকৰণযোগ্য শক্তি আৰু শক্তি সঁজুলি, আৰু প্লাষ্টিক আৰু পলিমাৰৰ দৰে খণ্ডই ৰাজ্যখনক এক বৈচিত্ৰময় বিনিয়োগৰ সুযোগ প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ যাদৱৰ পদক্ষেপে এই খণ্ডসমূহত বিনিয়োগক কেৱল ব্যৱসায়ৰ বাবেই নহয়, অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম সুযোগৰ পথলৈ ৰূপান্তৰিত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগপতিসকলৰ বাবে মধ্যপ্ৰদেশ এক আদৰ্শ বিনিয়োগৰ গন্তব্যস্থান। ফাৰ্মা হাব, চিমেণ্ট ইউনিট, চাহ গৱেষণা আৰু বাগিচা, লজিষ্টিক চেণ্টাৰ, আৰু সমগ্ৰ অসম আৰু অন্যান্য ৰাজ্যত বিয়পি থকা পেট্ৰ’কেমিকেলৰ দৰে সুবিধাৰে মধ্যপ্ৰদেশে বিনিয়োগকাৰীক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতামূলক আৰু নিৰ্ভৰযোগ্য পৰিৱেশ প্ৰদান কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande