বঙাইগাঁও, ০৪ অক্টোবৰ (হি.স.)। বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা আজি সমাধিস্থলীলৈ শতাধিক যুৱক যুৱতীৰ মটৰ চাইকেলেৰে যাত্ৰা। প্ৰাণৰ শিল্পী গৰাকীৰ মহাপ্ৰয়াণত শোকত ভাগিপৰা ৰাজ্যবাসীয়ে ধাৰাবাহিক ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ।
বঙাইগাঁও পৰা উলিওৱা শ্ৰদ্ধাঞ্জলি যাত্ৰাৰ মূল উদ্দেশ্য হৈছে সমাধিস্থলী চাফ-চিকুন কৰাৰ লগতে সমাধিস্থলীৰ কাষত গছপুলি ৰোৱাৰ সংকল্প গ্ৰহণ। জুবিন দা অমৰ হওক ধ্বনিৰে আৰম্ভ কৰে এই শ্ৰদ্ধাঞ্জলি যাত্ৰা । সমগ্ৰ অসমত আজি অনুৰূপ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে। চহৰ নগৰ, গাওঁ, অফিচ কাছাৰি সকলোতে প্ৰত্যেকজন লোকে জুবিন অনুৰাগীয়ে আজি নিজ নিজ ধৰণে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি যাচিছে। আজি প্ৰাণ শিল্পীগৰাকীয়ে এৰি যোৱাৰ দুসপ্তাহে হল যদিও এতিয়াও যেন ফেকুৰি উঠিছে প্ৰতিজন।
কি শিশু, কি বৃদ্ধ বিনতা, যুৱক যুৱতীসকলেটো খোৱা লোৱায়ে কৰা যেন এক প্ৰকাৰৰ বন্ধ কৰি দিছে। ৰাজ্য তথা দেশ বিদেশৰ জুবিন গাৰ্গৰ লক্ষ্য লক্ষ্য অনুৰাগীয়ে এতিয়া টিভিৰ কাষত বহি তথা পেপাৰ পঢ়ি, মোবাইলত অহা নিউজবোৰ চাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে তদন্ত প্ৰক্ৰিয়া কি দৰে আগবাঢ়িছে তালৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে। ন্যায় ব্যৱস্থা তথা চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি এতিয়া কেৱল অপেক্ষা কৰিছে প্ৰাণ শিল্পীীগৰাকীক অকালতে মৃত্যুৰ গহ্বৰলৈ থেলি দিয়া সেই জাতি দ্ৰোহীসকলক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ