লামডিং হাতীখালী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
লামডিং হাতীখালী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
লামডিং হাতীখালী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা


লামডিং হাতীখালী সংযোগী পথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা


হোজাই, ০৪ অক্টোবৰ (হি.স.)। হোজাই জিলাৰ লামডিং হাতীখালী সংযোগী পথত যোৱা কালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় দুই বাইক আৰোহী।

জানিব পৰা মতে লামডিং হাতীখালী সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দীঘল দলঙৰ সম্মুখত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত আহত দুই বাইক আৰোহীৰ নাম আছিল ক্ৰমে মাইৰিং ডিপুছা (Mairing Dipusa) আৰু আন জনৰ নাম ছাৰিং লাও (saring Dao)। দুয়ো বাইক আৰোহীৰ ঘৰ ডিমাহাছাও জিলাৰ অন্তৰ্গত হাতীখালীত।

প্ৰাপ্ত তথ্য অনুসৰি তেওঁ লোকে মান্দাৰদিছাৰ পৰা হাতীখালী গৈ থকাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিল। লগে লগে ঘটনাস্থলীত হাতীখালী আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত দুই বাইক আৰোহীক লামডিং অসামৰিক চিকিৎসালয়ত লৈ আনে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande