নতুন দিল্লী, ০৪ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে দুদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ বাবে অহা ৮ অক্টোবৰত ভাৰতত উপস্থিত হ’ব। এয়া হ’ব প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ভাৰত ভ্ৰমণৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ভ্ৰমণৰ সময়ত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৯ অক্টোবৰত মুম্বাইত বৈঠকত মিলিত হ’ব আৰু ‘ভিজন ২০৩৫’ৰ অধীনত ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ অগ্ৰগতি পৰ্যালোচনা কৰিব। এই ১০ বছৰীয়া ৰোডমেপত বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা, আৰু মানুহৰ মাজৰ যোগাযোগ আদি মূল ক্ষেত্ৰসমূহ সামৰি লোৱা হৈছে।
ভাৰত-ইউ কে কম্প্ৰিহেন্সিভ ইকনমিক এণ্ড ট্ৰেড এগ্ৰিমেণ্ট (চিইটিএ)ৰ পৰা উদ্ভৱ হোৱা সুযোগ সন্দৰ্ভতো ব্যৱসায় আৰু উদ্যোগৰ নেতাসকলৰ সৈতে আলোচনা কৰিব দুয়োগৰাকী নেতাই। আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব।
প্ৰধানমন্ত্ৰী মোডী আৰু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰেও মুম্বাইত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰি মূল ভাষণ প্ৰদান কৰিব। দুয়োগৰাকী নেতাই উদ্যোগ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, আৰু উদ্ভাৱন খণ্ডৰ প্ৰতিনিধিৰ সৈতেও মত বিনিময় কৰিব।
এই ভ্ৰমণে ২৩-২৪ জুলাইত প্ৰধানমন্ত্ৰী মোডীৰ ব্ৰিটেইন ভ্ৰমণে সৃষ্টি কৰা গতি আৰু সহযোগিতাৰ ওপৰত নিৰ্মাণ কৰি ভাৰত আৰু ব্ৰিটেইনৰ মাজত আধুনিক আৰু দূৰদৰ্শী অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ