কামপুৰৰ কচুৱাত গাঞ্জা সহ সৰবৰাহকাৰী আটক
নগাঁও, ০৪ অক্টোবৰ (হি.স.)। কামপুৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা সহ তিনিজন লোকক আটক ৷ জানিব পৰা অনুসৰি অঞ্চলটোত বিগত কিছুদিনৰ পৰা নিচাজাতীয় সামগ্ৰীৰ বেহা চলি থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰিছিল।
কামপুৰৰ কচুৱাত গাঞ্জা সহ সৰবৰাহকাৰী আটক


নগাঁও, ০৪ অক্টোবৰ (হি.স.)। কামপুৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা সহ তিনিজন লোকক আটক ৷ জানিব পৰা অনুসৰি অঞ্চলটোত বিগত কিছুদিনৰ পৰা নিচাজাতীয় সামগ্ৰীৰ বেহা চলি থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰিছিল। সেই অভিযোগৰ আধাৰত নিশা কচুৱা আৰক্ষীয়ে অভিযান চলাই আব্দুল খালেক নামৰ লোক এজনৰ বাসগৃহৰ পৰা জব্দ কৰে ১০ কেজি গাঞ্জা ৷ আৰক্ষীয়ে গাঞ্জা সহ তিনিজন সৰবৰাহকাৰীকো আটক কৰে। ধৃত গাঞ্জা ব্যৱসায়ী কেইজন ক্ৰমে আব্দুল খালেক, মজিবুৰ ৰহমান আৰু চাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে৷ দীৰ্ঘদিন ধৰি গাঞ্জা ব্যৱসায় চলাই থকাৰ অভিযোগ ধৃত লোক কেইজনৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে তিনিজনকে আটক কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে।

ইফলে অঞ্চলটোত যাতে পুনৰ মাদক দ্ৰৱ্যৰ বেহা চলিব নোৱাৰে তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ বাবে স্থানীয় ৰাইজে দাবী জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande