গান্ধীনগৰ, ০৪ অক্টোবৰ (হি.স.)। নৱনিযুক্ত গুজৰাট ৰাজ্যিক সভাপতি জগদীশ বিশ্বকৰ্মা বিজেপিৰ বিশিষ্ট অ’বিচি মুখ। নিজৰ সম্প্ৰদায়ৰ ভিতৰতে আৰু পিছপৰা শ্ৰেণীৰ মাজত তেওঁৰ দখল আছে বুলি কোৱা হয়। আহমেদাবাদৰ নিকোল সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভাত তেওঁ স্বতন্ত্ৰ দায়িত্ব লৈ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
১৯৭৩ চনৰ ১২ আগষ্টত আহমেদাবাদত জন্মগ্ৰহণ কৰা জগদীশ বিশ্বকৰ্মাই মাৰ্কেটিঙত বি এ আৰু এম বি এ ডিগ্ৰী লাভ কৰিছে। ১৯৯৮ চনত বুথ ইনচাৰ্জ হিচাপে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল, এইদৰে গুজৰাট বিজেপিৰ অ’বিচিৰ বিশিষ্ট মুখ হিচাপে পৰিগণিত হৈছিল। ২০১৫ চনৰ পৰা ২০২১ চনলৈ আহমেদাবাদ চহৰৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতৰ নেতৃত্বত ২০২১ চনৰ আহমেদাবাদ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ১৯২ খন আসনৰ ভিতৰত ১৬০ খন আসন লাভ কৰে।
ৰাজ্য চৰকাৰত স্বতন্ত্ৰ দায়িত্ব লৈ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লোৱা জগদীশে কুটিৰ উদ্যোগ, সহযোগিতা, নিমখ উদ্যোগ, পথ আৰু অট্টালিকা, এম এছ এম ই, বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে পৰ্টফলিঅ’ লাভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া