তেহৰাণ, ০৪ অক্টোবৰ (হি.স.)। ইৰাণে শনিবাৰে কেইবাবছৰ পূৰ্বে চাৰিজন নিৰাপত্তাৰক্ষী আৰু এজন ধৰ্মগুৰুৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হোৱা ৭জন লোকক ফাঁচী দিয়ে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, খুজেস্তান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ খোৰামশ্বহৰ চহৰত নিৰাপত্তাৰক্ষীৰ ওপৰত সশস্ত্ৰ আক্ৰমণ চলোৱাৰ অভিযোগত অভিযুক্ত সাতজন বিচ্ছিন্নতাবাদীৰ ভিতৰত ছয়জন আৰব বিচ্ছিন্নতাবাদী। সপ্তমজন, সামান মহম্মদী খিয়াৰেহ, ২০০৯ চনত কুৰ্দি চহৰ ছানন্দজত চৰকাৰ সমৰ্থক চুন্নী ধৰ্মগুৰু মামুস্তা শ্বেখ আল ইছলামৰ হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হৈছিল।
সকলো অপৰাধীৰ ইজৰাইলৰ সৈতে সম্পৰ্ক আছিল, যিটো অভিযোগ ইৰাণে নিয়মিতভাৱে সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে ব্যৱহাৰ কৰে।
ইফালে মানৱ অধিকাৰ কৰ্মীসকলে মহম্মদী খিয়াৰেহক ফাঁচী দিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে এই অপৰাধৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বা ১৬ বছৰ আৰু ১৯ বছৰ বয়সত গ্ৰেপ্তাৰ কৰা হৈছিল। কৰ্মীসকলে অভিযোগ কৰে যে তেওঁক স্বীকাৰোক্তি উলিয়াবলৈ অত্যাচাৰ কৰা হৈছিল।
আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি চলিত বৰ্ষত ইৰাণত এতিয়ালৈকে ১০০০ৰো অধিক লোকক মৃত্যুদণ্ড দিয়া হৈছে, যিটো যোৱা ১৫ বছৰৰ ভিতৰত সৰ্বাধিক বাৰ্ষিক সংখ্যা।
हिन्दुस्थान समाचार / অৰৱিন্দ