গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটী ৰে'লৱে ষ্টেচনত অটোমেটিক টিকট ভেণ্ডিং মেচিন(এটিভিএম) স্থাপন কৰি যাত্ৰীৰ সুবিধা উন্নত কৰাৰ দিশত আন এক পদক্ষেপ গ্ৰহণ কৰিছে। এই সুবিধাটো ০৩ অক্টোবৰ, ২০২৫ তাৰিখে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে উদ্বোধন কৰে। উত্তৰ-পূৱ সীমান্ত ৰেলৱেই টিকটসেৱা আধুনিকীকৰণ কৰাৰ এক ব্যাপক পৰিকল্পনাৰ অংশ হিচাপে, মূখ্য ৰে’লৱে ষ্টেচন সমূহত ১০০ ৰো অধিক এটিভিএম প্ৰদান কৰি আছে, যাৰ জৰিয়তে যাত্ৰীসকলে দ্ৰুত আৰু অধিক সুবিধাজনক টিকট ব্যৱস্থাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।
এটিভিএম যাত্ৰীৰ বাবে অসংৰক্ষিত ৰে’ল টিকট ক্ৰয় কৰাৰ এটা দ্ৰুত, সহজ-ব্যৱহাৰযোগ্য আৰু আধুনিক পদ্ধতি প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে। এই যন্ত্ৰটোৰ ব্যৱহাৰে যাত্ৰীয়ে টিকট কাউণ্টাৰত দীঘলীয়া শাৰীত থিয় হৈ থকাৰ পৰা পৰিত্ৰাণ পাব। তাৰ পৰিৱৰ্তে, তেওঁলোকে মেচিনত পোনপতীয়াকৈ ডিজিটেল পৰিশোধ কৰি সহজে তেওঁলোকৰ টিকট প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ ফলত যাত্ৰীৰ বহুমূলীয়া সময় ৰাহি কৰাৰ লগতে সেই অঞ্চলৰ ৰেলৱে ষ্টেচন সমূহত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ দ্বাৰা অসংৰক্ষিত টিকট, প্লেটফৰ্ম টিকট আৰু আনকি চিজন টিকট প্ৰদান কৰিব পাৰে, যাৰ ফলত ই দৈনিক যাত্ৰীৰ লগতে মাজে সময়ে ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে এক বহুমুখী সুবিধা প্ৰদান কৰিব পাৰে। এটিভিএমৰ এটা মূল সুবিধা হ'ল নগদবিহীন লেনদেন আৰু ডিজিটেল ইণ্ডিয়া পদক্ষেপক উৎসাহিত কৰা।
এটিভিএমৰ উপৰিও, উত্তৰ-পূৱ সীমান্ত ৰেলৱেই ১৩ টা ষ্টেচনত ৩৬ টা ৱাটাৰ ভেণ্ডিং মেচিন (ডব্লিউভিএম)স্থাপন কৰিছে, যি ২৪ ঘণ্টাই পৰিষ্কাৰ, সুৰক্ষিত আৰু সুলভ খোৱা পানী প্ৰদান কৰে। এই পদক্ষেপে যাত্ৰীসকলক তেওঁলোকৰ নিজস্ব পানীৰ পাত্ৰ সমূহ পুনৰ ভৰ্তি কৰিবলৈ উৎসাহিত কৰে, পৰিৱেশ-অনুকূলতা বৃদ্ধি আৰু বটলযুক্ত পানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি পৰিচ্ছন্নতা আৰু সুবিধা নিশ্চিত কৰে। কম মূল্যত বিশুদ্ধ পানী উপলব্ধ হোৱাৰ লগতে, ডব্লিউভিএমবোৰে সঁচাকৈয়ে প্ৰতি টোপালত স্বচ্ছতাৰ বাৰ্তাটোৰ সত্যতা প্ৰতিফলিত কৰে, যিয়ে স্বাস্থ্যকৰ ভ্ৰমণৰ বাবে সুৰক্ষিত পানী প্ৰদান কৰে। যাত্ৰীসকলে ডব্লিউভিএম ৰ পৰা আধালিটাৰ পানী ৰিফিলৰ বাবে ৩ টকা আৰু পাত্ৰৰ সৈতে ৫ টকাত প্ৰাপ্ত কৰিব পাৰে। যিসকল যাত্ৰীয়ে পানী পৰীক্ষা কৰিব বিচাৰে, তেওঁলোকৰ যাত্ৰাৰ সময়ত সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খোৱা পানী নিশ্চিত কৰাৰ বাবে পানীৰ গুণাগুণ পৰীক্ষাৰ সুবিধাও উপলব্ধ আছে।
অনুষ্ঠানটোত বক্তব্য ৰাখি চেতন কুমাৰ শ্ৰীবাস্তৱে কয় যে গুৱাহাটী ষ্টেচনত এটিভিএম আৰু ডব্লিউভিএম ৰ ব্যৱহাৰে যাত্ৰীসকলৰ বাবে ভ্ৰমণ আৰাম দায়ক কৰাত যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে উত্তৰ-পূবসীমান্ত ৰে'লৱে অনাগত দিনত ইয়াৰ পৰিসৰত এনে অধিকযাত্ৰী-অনুকূল সুবিধা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি বদ্ধ।
ইয়াৰ উপৰিও গুৱাহাটী ষ্টেচনত যাত্ৰীসকলৰ সুবিধাৰ্থে শ্লীপিং পড প্ৰস্তুত কৰি থকা হৈছে আৰু এইবছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হ’ব বুলি আশা কৰা হৈছে। এটিভিএম আৰু ডব্লিউভিএম স্থাপনৰ সৈতে, উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই আধুনিকীকৰণ আৰু যাত্ৰীসেৱা উন্নত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সা-সুবিধাবোৰে-বিশেষকৈ ভিৰৰ সময়ত টিকট সংগ্ৰহ দ্ৰুত আৰু সহজ কৰি আৰু সুলভ মূল্যত পৰিষ্কাৰ, সুৰক্ষিত খোৱা পানী প্ৰদানক ভ্ৰমণকাৰী সকলে বহুলভাৱে আদৰণি জনাব বুলি আশা কৰা হৈছে। এই পদক্ষেপ বোৰৰ লক্ষ্য হৈছে-ডিজিটেলাইজেশ্যনক উৎসাহিত কৰা, পৰিচালন দক্ষতা উন্নত কৰা আৰু সামগ্ৰিক যাত্ৰী সন্তুষ্টি বৃদ্ধিৰ উপৰিও ৰে’ল সেৱা অধিক গ্ৰাহক সুলভ, সুবিধাজনক, যাত্ৰী-অনুকূল কৰি তোলা আৰু পৰিৱেশ-অনুকূল অনুশীলনক সমৰ্থন কৰা।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী