শোণিতপুৰ, ০৪ অক্টোবৰ (হি.স.): শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা কালি সন্ধিয়া ঘটিল এক অঘটন৷ জামুগুৰিহাটত প্ৰতিমা বিসৰ্জন দি উভতি অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰ ভাবে আহত হল বহুকেইজন যুৱক।
জানিব পৰা মতে কুসুমটোলাৰ পৰা জীয়াভৰলী নদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দি অহা মহেন্দ্ৰ চুপৰা গাড়ীখন জামুগুৰিহাটত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ এএছ ১২ এচি ৮৬৯৬ বুলি জনা গৈছে । এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত হৈছে ১৫ জনৰো অধিক যুৱক। দুৰ্ঘটনাত গুৰুতৰভাবে আহত সকলোকে ভৰ্তি কৰোৱা হৈছে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালত। আহত সকলৰ মাজৰে কেইজন মানৰ অৱস্থা সংকট জনক বুলি কোৱা হৈছে। এই কেইজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ